বীৰ লাচিত সেনালৈ আহ্বান আপত্তি থাকিলে কাৰ্যালয়লৈ আহক, ন্যায়সংগত হ'লে আমি শুনিম- বিধায়ক অখিল গগৈ

A

নিউজ ডেস্ক: 


'বিধায়কৰ ক্ষমতাকলৈ মুখ্যমন্ত্ৰীয়ে  উত্থাপন কৰা প্ৰশ্ন কেৱল মোৰ বাবে নহয়, বিধানসভাৰ সকলো বিধায়কৰ বাবে অপমানজনক'- এই গুৰুত্বপূৰ্ণ মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।এগৰাকী বিধায়কৰ চাৰিটা ক্ষমতা থাকে।কিন্তু মুখ্যমন্ত্ৰীয়ে একমাত্ৰ আইন পালিকা ক্ষমতাৰ কথা কৈ বাকী তিনিটা ক্ষমতা কৰ্তন কৰাৰ চক্ৰান্ত সংবিধান বিৰোধী, আইন বিৰোধী আৰু সংসদীয় পৰম্পৰা বিৰোধী ঘটনা।অসম বিধানসভাৰ বাজেট অধিৱেশনত বিধায়কৰ ক্ষমতা কৰ্তনৰ প্ৰশ্নটো দৃঢ়ভাৱে উত্থাপন কৰি বিষয়টোত সৰৱ হোৱা কথা উল্লেখ কৰে গগৈয়ে । 

'মুখ্যমন্ত্ৰীয়ে চাগে মোক টাৰ্গেট কৰি কথাবোৰ কৈছে।শিৱসাগৰ উন্নয়নৰ আঁচনি ইতিমধ্যে গ্ৰহণ কৰিছোঁ।অহা অক্টোবৰ মাহৰ পৰা নতুন ৰূপত পৰ্যটনৰ ঠাই হিচাপে দেখা পাব শিৱসাগৰক।শিৱসাগৰ উন্নয়নত বিধি-পথালি দিবৰ বাবে মুখ্যমন্ত্ৰীয়ে এই কাম কৰিছে' বুলি বিধায়ক গগৈয়ে কয়।

'অভিভাৱক মন্ত্ৰী সংবিধানত নাই।সংবিধানত নথকা সকলক ক্ষমতা দিব লৈ সংবিধানত থকা সকলৰ ক্ষমতা কৰ্তন কৰিব বিচৰা কাৰ্য কেতিয়াও মানি লোৱা নহব'- স্পষ্ট কৰি দিয়ে বিধায়ক গৰাকীয়ে।

ইফালে ৰাইজৰ দলে সাম্প্ৰদায়িক ব্যক্তিক লগত লোৱা বুলি বীৰ লাচিত সেনাই অনা অভিযোগৰ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্ন উত্তৰত গগৈয়ে কয়- 'যদি কাৰোবাৰ কিবা আপত্তি বা অভিযোগ আছে তেন্তে ৰাইজৰ দল'ৰ কাৰ্যালয়লৈ আহি আমাৰ সৈতে আলোচনা কৰক।সকলোৰে  কথা আমি শুনিম।ন্যায় সংগত যিয়েই হ'ব আমি মানি লম'।

কাৰামুক্ত হৈ প্ৰথমবাৰলৈ শনিবাৰে অসম বিধানসভাত উপস্থিত হয় শিৱসাগৰৰ বিধায়ক অখিল গগৈ।

Your Comments