প্ৰাক্তন কংগ্ৰেছী অনিল ৰাজা, পংকজ বৰবৰাৰ বিজেপিত যোগদান

A

নিউজ ডেস্ক :

অসম প্ৰদেশ  কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পংকজ বৰবৰা আৰু অনিল ৰাজাৰ বিজেপিত যোগদান।

শুকুৰবাৰে বিজেপিৰ হেঙেৰাবাৰী ৰাজ্যিক কাৰ্যালয়ত দল সভাপতি ভৱেশ কলিতা, সাধাৰণ সম্পাদক ফণী শৰ্মাৰ উপস্থিতিত গেৰুৱাবসন পিন্ধে জ্যেষ্ঠ কংগ্ৰেছ নেতা দুজনে।

উল্লেখ্য  যে ,ৰকিবুল হুছেইনৰ সৈতে দীৰ্ঘদিনীয়া সংঘাতৰ বাবে কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ হৈ আছিল অনিল ৰাজা।

ইফালে বিধানসভা নিৰ্বাচনত পূূব গুৱাহাটী সমষ্টিৰ টিকটৰ দাবীদাৰ আছিল পংকজ বৰবৰা।কংগ্ৰেছ নেতৃত্বই জ্যেষ্ঠ নেতা গৰাকীক  টিকট প্ৰদান নকৰাত পৰৱৰ্তী পৰ্যায়ত ত্যাগ কৰিছিল দল।

উল্লেখ্য যে  বৰবৰা আৰু ৰাজাৰ উপৰিও অন্য বহুকেইজন কংগ্ৰেছী নেতাই বিজেপি দলত শুকুৰবাৰে যোগদান কৰে।

Your Comments