বিজেপি দলৰ ডি.এন.এত হিটলাৰী ফেচিবাদী আছে- ৰিপুন বৰা

A

নিউজ ডেস্ক :

'মুখ্যমন্ত্ৰী হৈও তুচ্ছ-তাচ্ছিল্য কৰা স্বভাৱ এৰিব নোৱাৰিলে ডঃ হিমন্ত বিশ্ব শৰ্মাই'- এই মন্তৱ্য প্ৰকাশ কৰে  প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

বিজেপিৰ ডি.এন.এত হিটলাৰী ফেচিবাদ আছে।যাৰ ফলস্বৰূপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইয়ো তুচ্ছ-তাচ্ছিল্য স্বভাৱ ঢাকি ৰাখিব পৰা নাই বুলি উল্লেখ কৰি সাংসদ বৰাই কয়- "যিসকলৰ ডি.এন.এত একনায়কত্ববাদী-ফেচিবাদী চিন্তা থাকে সেইসকলেহে গণতন্ত্ৰত বিৰোধী কাম নাই বুলিব পাৰে। সকলো বিৰোধীক বিজেপি দলত যোগদান কৰিবলৈ কৈ মুখ্যমন্ত্ৰীয়ে গণতন্ত্ৰত বিৰোধীদলৰ ভূমিকাক গুৰুত্বহীন কৰিছে"।

আনহাতে, বিধায়ক সকলৰ আইন প্ৰণয়ন কৰা বাহিৰে অন্য কোনো কাম নাই বুলি সৰভোগৰ দলীয় সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তৱ্যক উভতি ধৰি কংগ্ৰেছ নেতা গৰাকীয়ে কয়- ৰাজনীতি বিজ্ঞানত ডক্টৰেট 'ডিগ্ৰী  লাভ কৰিও বিধায়কৰ কাম নাই বুলি কোৱাটো লজ্জাজনক কথা।তেওঁ যিখন সংবিধান চুই শপত খাইছিল তাতে বিধায়কৰ কাম স্পষ্টকৈ লিখা আছে'।

'বিধায়কৰ আইন প্ৰণয়ন কৰাৰ ক্ষমতা থকাটো পঢ়িছে কিন্তু তাৰ লগে লগে বিত্তীয়-কাৰ্যাপালিকাৰ ক্ষমতা নপঢ়িলে।অসত্যক গাৰ জোৰে কৈ সত্যক নস্যাত কৰিব বিচাৰিছে হিমন্তই'-- বৰাই কয়।

মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰৰ দিনত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত পৰিকল্পনা আৰু উন্নয়ন বিভাগ আছিল।তেওঁৱে বিধায়কৰ সমষ্টি উন্নয়ন পুঁজি এককোটিলৈ বৃদ্ধি কৰিছিল।বিধায়কক উন্নয়ন পুঁজি খৰছ কৰাৰ সম্পূৰ্ন কৰ্তৃত্ব প্ৰদান কৰা হৈছে।লগতে ব্লক পৰ্যায়ৰ উন্নয়ন সমিতিত বিধায়ক গৰাকীক চেয়াৰমেন ৰখা হৈছে।তাৰ পাছত বিধায়ক গৰাকীৰ কথা চক্ৰ বিষয়া, ব্লক অফিচাৰে নুশুনিব নেকি বুলি প্ৰশ্ন উত্থাপন কৰে বৰাই।মুখ্যমন্ত্ৰী গৰাকীয়ে এনেধৰণৰ মন্তব্য কৰি ৰাজ্যখনত অৰাজকটা সৃষ্টি কৰিব বিচাৰিছে বুলি  তেওঁ কয়।

গুৱাহাটী ৰাজীৱ ভৱনত সম্বোধন কৰা সংবাদমেলত উপস্থিত থাকে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ।

Your Comments