নিউজ ডেস্ক :
শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে আন এক ষড়যন্ত্ৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সন্থা চমুকৈ 'নিয়া'ৰ।সদ্য কাৰামুক্ত গগৈক কাৰাবন্দী কৰাৰ অভিসন্ধি ৰচনা নিয়াৰ।চানমাৰিৰ 'নিয়া'ৰ বিশেষ আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তদন্তকাৰীৰ সন্থাতো।
চানমাৰি থানা ১৩/১৯ নম্বৰ নিয়া'ৰ মাওবাদী গোচৰত বিধায়ক গগৈক দোষমুক্ত ঘোষণা কৰিছিল।কেৱল সেয়াই নহয় গোচৰটোত গগৈসহ অন্য তিনি সতীৰ্থৰ বিৰুদ্ধে চার্জফ্ৰেম হোৱা নাছিল।নিম্ন আদালতৰ উক্ত ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে নিয়া।
- Log in to post comments
- 46 views