দৰ্শকৰ বাবে মুকলি কৰা হৈছে শিৱসাগৰৰ ঐতিহাসিক ক্ষেত্ৰসমূহ

A


নিউজ ডেস্ক:
পৰ্যটকলৈ সুখবৰ ।দৰ্শকৰ বাবে মুকলি কৰা হৈছে শিৱসাগৰৰ ঐতিহাসিক ক্ষেত্ৰসমূহ ৷ ফলত উৎফুল্লিত হৈ পৰিছে শিৱসাগৰবাসী ৷ উল্লেখ্য যে, চৰকাৰে জাৰি কৰা প্ৰায়বোৰ নিৰ্দেশনা শিথিল কৰাৰ বাবে কৰ’ণাৰ কাৰণে স্তব্ধ হৈ পৰা ৰাজ্যৰ পৰ্যটন উদ্যোগটোৱেও পুনৰ প্ৰাণ পাই উঠিছে । বিগত দুটা বছৰ ধৰি বন্ধ হৈ আছিল শিৱসাগৰৰ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, চৰাইদেউ মৈদাম, জয় দৌল আদি আহোম যুগৰ প্ৰাচীন কীৰ্তিচিহ্ন থকা স্থান সমূহ ৷
শেহতীয়াকৈ ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগৰ নিৰ্দেশমৰ্মে পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে এই ঐতিহ্য ক্ষেত্ৰসমূহ ৷ জানিব পৰা মতে বন্ধৰ সময়চোৱাৰ প্ৰতিটো দেওবাৰে প্ৰায় তিনি শতাধিক পৰ্যটক ঘূৰি গৈছিল শিৱসাগৰৰ পৰ্যটন থলীসমূহৰ পৰা ৷ যাৰ বাবে এই স্থানসমূহৰ ওপৰত নিৰ্ভৰ কৰি ব্যৱসায় কৰা স্থানীয় লোকৰ লগতে পৰ্যটন থলীসমূহ স্তব্ধ হৈ পৰিছিল।

Your Comments

Related Articles