কাস্পিয়ান সাগৰৰ দাঁতিত দেখা পোৱা এখন বিমানৰ বিষয়ে পঢ়ো আহকচোন

A




গংগোত্ৰী কাশ্যপ: 
আজি আমি যিখন বিমানৰ বিষয়ে আলোচনা কৰিম সেইখন দেখাত আন বিমানৰ দৰে যদিও সাধাৰণ বিমান বুলি ক'লে হয়তো কম কোৱা হ'ব । অইন বিমানতকৈ কেইবাগুণ ক্ষমতাশালী এই বিমানখনৰ নাম 'এক্রান'প্লেন'। ৰাছিয়াৰ নৌ বাহিনীৰ এয়াৰক্র্যাফ্ট ।
এক্রান'প্লেন এটি ৰাছিয়ান শব্দ ; যাৰ অর্থ হৈছে ‘গ্রাউন্ড এফেক্ট ভেইকল’। কাস্পিয়ান সাগৰৰ তীৰত এই বিশাল বিমান খন দেখিলে সকলোৱে আচৰিত হৈ উঠিব ।
এসময়ত কাস্পিয়ান সাগৰৰ বুকুৰ পৰাই উৰিছিল এই দৈত্যকায় বিমানখন । সেই বাবেই ইয়াক 'কাস্পিয়ান চি মনষ্টাৰ' নামেৰেও জনা যায়।

১৯৮৭ চনত ছোভিয়েত ইউনিয়নে এক্রান'প্লেন তৈয়াৰ কৰিছিল। ১৯৮৭ ৰ পৰা ১৯৯০ চন পর্যন্ত ৰাছিয়াৰ নৌসেনাই এই বিমান ব্যৱহাৰ কৰে ।

C

পানীত ডুবি থকা অৱস্থাতো খুব সহজেই উৰিব পৰা এই এক্ৰান'প্লেনখন কিন্তু নৌসেনাই খুব বেছি দিন ব্যৱহাৰ কৰিব নোৱাৰিলে ।
২০২০ চন পর্যন্ত কাস্পিয়ানৰ উপকূলত পৰিত্যক্ত হৈয়ে পৰি ৰৈছে এই এক্রান'প্ল্যান।
এই এক্রান'প্লেনৰ দৈর্ঘ্য হৈছে ২৪০ ফুট, উচ্চতা ৬৫ ফুট আৰু প্রস্থ ১৪৪ ফুট।
সেই সময়ত ছোভিয়েত ইউনিয়নে এই শ্রেণীৰ মাত্র এখনেই বিমান তৈয়াৰ কৰিছিল।
ৰক্ষণাবেক্ষণৰ অভাৱত সমুদ্রৰ উপকূলত দীর্ঘ সময় পৰিত্যক্ত অৱস্হাত থকাৰ বাবে ইয়াৰ বহুতো অংশ ক্ষতিগ্রস্ত হৈছে । গুৰুত্বপূৰ্ণ কথা এই যে ঐতিহাসিক এয়াৰক্রাফ্টখনক সংৰক্ষণ তথা পৰ্যটকৰ আকৰ্ষণৰ বাবে অভিনৱ উপায় উলিওৱা হৈছে ।

B

Your Comments

Related Articles