এবছৰীয়া এটি কণমানি শিশুৰ উপার্জন ৭৫ হাজাৰ টকা ! কিন্তু কেনেকৈ , সবিশেষ পঢ়কচোন

A

B

গংগোত্ৰী কাশ্যপ:
বয়স মাত্র এবছৰ। এই বয়সতেই এক হাজাৰ ডলাৰ ( ভাৰতীয় হিচাপত প্ৰায় ৭৫ হাজাৰ টকা )উপার্জন কৰিছে এটি কণমাণি শিশুয়ে । ইনষ্টাগ্রামত ‘বেবি ব্রীগচ’ একাউন্টত দেখা পোৱা সদাহাস্য শিশুটিয়ে এইসময়ৰ পৃথিৱীৰ কনিষ্ঠতম ‘পর্যটন উৎসাহী’।এতিয়ালৈ ৪৫ বাৰ বিমানত উঠিছে কণমানিটিয়ে । আমেৰিকাৰ ১৬খন প্রদেশত ভ্ৰমণ কৰিছে শিশুটিয়ে । ঘুৰি ফুৰিছে আলাস্কা, কেলিফোর্নিয়া, ফ্লোৰিডা আদিতো ।শিশুটিৰ মাতৃয়ে জানিবলৈ দিয়া মতে, "যোৱা বছৰৰ ১৪ অক্টোবৰ তাৰিখে জন্ম পাইছিল সি ; জন্মৰ মাত্র তিনি সপ্তাহ পিছতে প্রথম বাৰ ফুৰাবলৈ নিয়া হৈছিল তাক ।"

ইতিমধ্যে ইনষ্টাগ্রামত কণমানিটিৰ ৩০ হাজাৰ ফল'ৱাৰ্ছ আছে । শিশুটিৰ মাতৃয়ে ‘পার্ট টাইম টুৰিস্ট’ নামেৰে এটি ব্লগ চলাই আছিল । ২০২০ চনত যেতিয়া তেওঁ মাতৃ হ'বলৈ লৈছিল তেতিয়া ভাবিছিল আৰু হয়তো ব্লগ চলোৱা সম্ভব নহ'ব । কিন্ত কণমানিটো সামান্য ডাঙৰ
হোৱাৰ পিছতেই আকৌ আৰম্ভ কৰে ব্লগৰ কাম । শিশুটিৰ মাতৃয়ে কয় যে , 'সন্তানৰ সৈতে ভ্ৰমণৰ মজা শ্বেয়াৰ কৰি খুব ভাল পাওঁ।'
উল্লেখ্য যে এটি প্রযোজনা সংস্থাই বিভিন্ন ধৰণে সহায় কৰিছে শিশুটিৰ মাতৃক ।


Your Comments

Related Articles