✍🏻গংগোত্ৰী কাশ্যপ
সাংবাদিক তথা আইনৰ ছাত্ৰী
আধুনিক গুৱাহাটীৰ উজান বজাৰৰ উত্তৰ দিশে মহাবাহু ব্ৰহ্মপুত্ৰৰ ঠিক মাজভাগত
উমানন্দ মন্দিৰৰ সমীপতে এটি শিলাময় দ্বীপত উৰ্বশী কুণ্ড অৱস্থিত। গুৱাহাটীৰ CJM আদালতৰ উত্তৰে থকা দ্বীপটিৰ এটি বৈশিষ্ট্য হৈছে যে ইয়াত থকা স্তম্ভটি গোটেই বছৰ ধৰি থিয় হৈ থাকে ৷
গুৱাহাটীত যেতিয়া ব্রহ্মপুত্র নদী শুকাই যায় অৰ্থাৎ খৰালি কালছোৱাত পানী কমি গ’লেই উর্বশী দ্বীপটি পুনৰাই আবির্ভূত হয় আৰু তাত শিলত-কটা হিন্দু দেৱতাৰ ভাস্কর্যসমূহৰ লগতে ভগবান বিষ্ণুৰ দহটি অৱতাৰ, ভগবান শিৱ আৰু গণেশৰ ভাস্কর্য মূৰ্তি সমূহ পৰিস্ফুট হৈ ধৰা দিয়ে ৷ ভাস্কর্যসমূহ খৰাং সময়তহে দৃশ্যমান হয়। ঐতিহাসিক ও প্রত্নতাত্ত্বিক দৃষ্টিকোণৰ ফালৰ পৰা দ্বীপটি অত্যন্ত সমৃদ্ধ আৰু গুৰুত্বপূর্ণ। ঠাইখিনিৰ ভৌগোলিক স্থানাঙ্ক হ’ল 26.190N, 91.740E। ইয়াত শিলত খোদিত কৰা বিভিন্ন আকাৰৰ ছয়টা শিৱ লিঙ্গও আছে । বিষ্ণুৰ তিনিটি ভাস্কর্যৰ মাজত লিখা শিলালিপিও আছে । নমস্কাৰ ভংগীমাত থকা এগৰাকী নাৰীৰ ভাস্কর্য আৰু হৰি -হৰৰ এটি ভাস্কর্য শিল্পও তাত খোদিত কৰা হৈছে ৷
কামৰূপৰ বুৰঞ্জীয়ে তাত জল্পেশ্বৰ শিৱ, বিষ্ণুপদ আৰু গয়া তীৰ্থ আছে বুলি কৈছে।বুৰঞ্জীবিদ কনকলাল বৰুৱাৰ মতে তাত এটি বৌদ্ধ মূৰ্তি আছে। ইয়াত থকা ব্ৰাহ্মী লিপিত খোদিত শিলালিপি ইতিহাসৰ অমূল্য সম্পদ।
কালিকা পুৰাণৰ মতে , কামাখ্যা দেবীক প্রণাম কৰাৰ হেতুকে উর্বশী অৰ্থাৎ স্বৰ্গৰ জলপৰীক আহ্বান জনোৱা হৈছিল। ই অৱশ্যে নীলাচল পাহাৰৰ মুখামুখিকৈ থকাৰ পৰিৱর্তে উত্তৰ দিশেহে অৱস্থিত ৷ প্রত্নতত্ববিদ ডঃ এইচ এন দত্তৰ মতে, "ভাস্কর্যসমূহ ১১শতিকাৰ সময়ৰ ৷"
যদিও দ্বীপটো মন্দিৰৰ ধ্বংসাৱশেষৰ দ্বাৰা চিনাক্ত কৰা হোৱা নাই, তথাপি শিলত খোদিত ভাস্কৰ্যই মন্দিৰটোৰ স্থান সন্দৰ্ভত এক পৰিকল্পনাৰ আভাস দিয়ে বুলি অনুমান হয়। কিছু বিশেষজ্ঞই বিশ্বাস কৰে যে অতীজত বর্তমানৰ দ্বীপটো প্ৰকৃততে দক্ষিণ তীৰৰ লগত সংযুক্ত থাকিব পাৰে।
অৱশ্যে পর্যটকসকল এতিয়াও উক্ত ঠাইটুকুৰাৰ সৈতে পৰিচিত হোৱা নাই৷ ই ভাৰতীয় প্রত্নতাত্ত্বিক জৰীপৰ দ্বাৰা সংৰক্ষিত৷ গুৱাহাটীস্থিত বিবেকানন্দ কেন্দ্রই সমগ্র দ্বীপটোৰ এক বিস্তৃত ফটো ডকুমেণ্টেচন অধ্যয়ন কৰিছে। এদিন এই ফটোবোৰ ইতিহাসবিদ আৰু গৱেষকসকলৰ বাবে মূল্যৱান উপাদান হ’ব পাৰে৷ কাৰণ ব্রহ্মপুত্রৰ কোবাল সোঁতে শিলত কটা মূর্তি আৰু শিলালিপিবোৰৰ অধিক ক্ষতি কৰিব পাৰে।
এগৰাকী প্রবীণ প্রত্নতাত্ত্বিক, যিয়ে নাম প্রকাশ কৰাৰ পৰা বিৰত আছে তেওঁ কয় যে , “দ্বীপটোৰ পৰা ঐতিহাসিক বস্তুসমূহক এটি নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰাৰ প্রচেষ্টা কৰা উচিত য’ত সেইসমূহক ভালদৰে সংৰক্ষণ কৰিব পৰা যাব ৷ ভাস্কর্যসমূহক অন্য ঠাইলৈ স্থানান্তৰ কৰাৰ যথেষ্ট প্ৰযুক্তি উদ্ভাৱন কৰা হৈছে ... যদি সেয়া কৰা নহয় তেন্তে , এদিন এনে সময় আহিব যেতিয়া ব্রহ্মপুত্রৰ কোবাল সোঁতে সেইসমূহ নিশ্চিহ্ন কৰি পেলাব ৷"
দ্বীপটোত থকা সূর্যৰ শিলত কটা ভাস্কর্য, গণেশ, বিষ্ণুৰ উপবিষ্ট মূর্তি তথা দশৱতাৰ ৰূপ সুন্দৰভাবে খোদিত কৰা হৈছে। শিলালিপিসমূহ ব্রাহ্মী ও নাগৰী অক্ষৰত খোদিত কৰা আছে। সম্ভৱত বাৰিষাকালত দ্বীপটি নদীৰ মাজত ডুব গ’লে বিপদৰ স্থান নির্দেশ কৰাৰ বাবে তাৰ মাজত এটি স্তম্ভ দিয়া হৈছে।
সাহিত্যৰ দৃষ্টিৰে চাবলৈ গলে ----
নিজৰাৰ কবি শৈলধৰ ৰাজখোৱাৰ 'পাষাণ প্ৰতিমা' আৰু ডিম্বেশ্বৰ নেওগৰ 'শাপমুক্তা' ---এই দুগৰাকী কবিৰ উক্ত কবিতা দুটাত 'উৰ্বশী'ৰ উল্লেখ পোৱা যায় ৷বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰেও তেওঁৰ স্বৰচিত উৰ্বশী কবিতাত পাষাণী উৰ্বশীৰ কাৰণে দিশে দিশে ক্ৰন্দসীৰ কান্দোন শুনাৰ কথা উল্লেখ কৰিছে ৷এই কান্দোনত ডিম্বেশ্বৰ নেওগৰ 'শাপমুক্তা' কবিতাৰ জন্ম বুলি অনুমান কৰা হয় ৷দৰাচলতে উৰ্বশী আছিল স্বৰ্গৰ নৃত্য পটিয়সী অপ্সৰা ৷দেৱৰাজ ইন্দ্ৰৰ সভাত নাচোতে পদস্খলিত হোৱা বাবে খ্যাতনামা উৰ্বশীক দুৰ্বাসা মুনিয়ে শাপ দি পাষাণ কৰে ৷ কবিৰ কল্পনাত অভিশপ্ত উৰ্বশী গুৱাহাটীৰ কাছাৰী ঘাটৰ সন্মুখত ব্ৰহ্মপুত্ৰৰ বুকুত পাষাণী ৰূপে সুপ্ত হৈ আছে ৷পুৰণি গৌৰৱ জড়িত এই শিলাখণ্ডসমূহত কবিয়ে প্ৰাণৰ আশাৰ সঞ্চাৰ দেখিবলৈ পাইছে ৷
উর্বশী দ্বীপ হৈছে গুৱাহাটীৰ অন্যতম শ্ৰেষ্ঠ সূর্যাস্ত উপভোগৰ স্থান। লুইতত পানী কমি যোৱা হেতুকে সম্পূৰ্ণ উর্বশী দ্বীপটো এতিয়া ভালদৰে দৃশ্যমান হৈছে ৷উজানবজাৰ ঘাট (মাছ বজাৰ)ৰ পৰা দ্বীপটোলৈ খোজকঢ়া দূৰত্ব প্রায় ১-১.৫ কিলোমিটাৰ। দ্বীপটো এটি শিলৰ স্তম্ভৰ দ্বাৰা চিনাক্ত কৰা হৈছে যিটো এক ওখ প্লেটফর্মৰ শীর্ষত নির্মিত। যেতিয়া নদীখন পানীৰে পূর্ণ হয়, তেতিয়া স্তম্ভটো ওলাই থাকে আৰু ইয়াৰ তলৰ শিলবোৰ সম্পর্কে নৌকা/জাহাজৰ বাবে ই এটি সতর্কতা চিহ্ন হিচাবে কাম কৰে।
- Log in to post comments
- 219 views