কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে পক্ষী গণনা কাৰ্যসূচী

A


নিউজ ডেস্ক:

বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষও মুঠ ১৫০ গৰাকী স্বেচ্ছাসেৱকক ৩৯ টা দলত বিভক্ত কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ কৰা হৈছে পক্ষী গণনাৰ কাম ৷
উল্লেখ্য যে , মঙলবাৰৰ পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় উদ্যানখনত আৰম্ভ হৈছে পক্ষী গণনা কাৰ্যসূচী ৷ এই পক্ষী গণনাৰ দ্বাৰা ৰাষ্ট্ৰীয় উদ্যানত থকা ভিন্ন পক্ষীৰ প্ৰজাতি আৰু ইয়াৰ সংখ্যা নিৰ্ধাৰণ কৰা হ’ব । পক্ষীৰ বাবে খ্যাত উদ্যানখনৰ অগৰাতলী বনাঞ্চলৰ পৰা আৰম্ভ কৰা হৈছে পক্ষী গণনাৰ কাম ৷ প্ৰাপ্ত তথ্য অনুসৰি, আগন্তুক ২৪ ডিচেম্বৰত কঁহৰা, বুঢ়াপাহাৰ ৰেঞ্জ আৰু ২৬ ডিচেম্বৰত অষ্টম সংযোজন বিশ্বনাথ ৰেঞ্জত অনুষ্ঠিত হ’ব পক্ষী গণনাৰ কাম ৷
গুৰুত্বপূৰ্ণ কথা এই যে ,এই গণনাৰ দ্বাৰা উদ্যানখনত স্থায়ীভাৱে থকা বা দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ অৱস্থিতি সম্পৰ্কে জ্ঞাত হ'ব বুলি উদ্যান কৰ্তৃপক্ষই জানিব দিয়ে । মঙলবাৰৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰ উপস্থিত থাকে ৷

Your Comments

Related Articles