সম্পাদকীয়

প্ৰথম যৌৱনপ্ৰাপ্তিৰ মাদকতাত যুৱক-যুৱতীসকল হৈ পৰে অধিক আৱেগ প্ৰৱণ৷ যৌৱনৰ বা গাত লাগি পমুৱা তুলাৰ দৰে উৰি ফুৰিবৰ মন যায়৷ যৌৱনপ্ৰাপ্তিৰ লগে লগে লাভ কৰা মনো-দৈহিক পৰিৱৰ্তনে তেওঁলোকক ৰোমাঞ্চিত কৰি তোলে৷ ফলত মন-প্ৰাণ হৈ পৰে উতলা৷ উন্মনা ফাগুনৰ দৰে হৈ পৰে তেওঁলোক৷ কিন্তু ফাগুনৰ পছোৱাই আঁজুৰি নাঙঠ কৰা প্ৰকৃতিৰ দেহত সেউজীয়া চোলাৰ আৱৰণ পিন্ধাই ন-ৰূপত বসন্তক আদৰাৰ প্ৰতিশ্ৰুতিভৰা ফাগুনৰ উন্মাদনাক অনুভৱ কৰিবৰ বাবে যুৱক-যুৱতীসকলক প্ৰস্তুত কৰি তোলাটো অতি প্ৰয়োজন৷ কিয়নো যৌৱনৰ উচ্ছ্বাসত উচ্ছ্বসিত হৈ তেওঁলোকৰ দৃষ্টিত ধৰা দিয়া সেউজীয়াবোৰ কেতিয়াবা হালধীয়া পৰিও যাব পাৰে-- যদিহে এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা