উমৰাংচুত পৰ্যটকৰ বাবে Eco Tourism Park মুকলি

A


নিউজ ডেস্ক:

পৰ্যটকলৈ সুখবৰ ।অসমৰ অন্যতম পাহাৰীয়া জিলাৰ উদ্যোগিক চহৰ উমৰাংচুৰ পানিমুৰত দেওবাৰে Eco Tourism Park তথা অতিথিশালাৰ শুভ উদ্বোধন কৰা হয় ৷ ডিমা হাছাও জিলাৰ পৰ্যটন থলী উপভোগ কৰিবলৈ যোৱা পৰ্যটকসকলৰ আশ্ৰয়ৰ সুবিধাৰ্থে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত নিৰ্মাণ কৰা হয় এই অতিথিশালাটো। পাৰ্কখনৰ শুভ উদ্বোধন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই ।পানিমুৰ জলপ্ৰপাতৰ সমীপত সেউজ পৰিৱেশৰ মাজতে নিৰ্মাণ কৰা হৈছে এই পাৰ্কখন ৷ মুঠ ১৬ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে এই ইক’ ট্যুৰিজিম পার্কখন । ইয়াত পৰ্যটকসকল জিৰণি ল’ব পৰাকৈ আছে অতিথিশালা আৰু অত্যাধুনিক সুবিধা যুক্ত ক’টেজৰ সু-ব্যৱস্থা ।

Your Comments

Related Articles