নিউজ ডেস্ক:
বুধবাৰে সংবাদমেলযোগে ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে।তেওঁ জানিবলৈ দিয়া মতে, অহা ১৬ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ত্ৰিপুৰাত।উল্লেখ্য যে,এটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ ২১ জানুৱাৰীত নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ’ব।মনোনয়ন দাখিল অন্তিম তাৰিখ হৈছে ৩০ জানুৱাৰী। ২ ফেব্ৰুৱাৰীৰ ভিতৰত মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব প্ৰাৰ্থীয়ে।নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ২ মাৰ্চত৷ আনহাতে ২৭ ফেব্ৰুৱাৰীত এটাকৈ পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব নাগালেণ্ড আৰু মেঘালয়ত।
- Read more about উত্তৰ-পূবৰ ৩ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা
- Log in to post comments
- 4 views