ত্ৰিপুৰা আৰু মণিপুৰ কংগ্ৰেছৰ দায়িত্ববাহী হিচাপে সাংসদ গৌৰৱ গগৈক নিযুক্তি

গৌৰৱ গগৈ

কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীয়ে ত্ৰিপুৰা আৰু মণিপুৰ কংগ্ৰেছৰ দায়িত্ববাহী হিচাপে নিযুক্তি দিছে।সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। 

Letter

উল্লেখ্য যে বৰ্তমান পশ্চিমবংগ আৰু আন্দামান নিকোবৰৰ দায়িত্ববাহী সাংসদ গৌৰৱ গগৈক নতুনকৈ ত্ৰিপুৰা আৰু মণিপুৰৰ দায়িত্ব অৰ্পণ কৰিছে কংগ্ৰেছ সভাপতিয়ে।

আনহাতে,ত্ৰিপুৰাৰ বাহিৰে উত্তৰ-পূবৰ অন্যান্য ৰাজ্যসমূহৰ দায়িত্ববাহী সাধাৰণ সম্পাদকৰ ভূমিকা লুইজিনহো ফেলেৰি'অই পালন কৰি যাব বুলি উক্ত প্ৰেছ বিজ্ঞপ্তিখনতে অৱগত কৰা হৈছে।

Your Comments