২৮ ছেপ্টেম্বৰত ঘোষণা কৰা হ'ব চাৰিটা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী তালিকা

Bjp

ৰাতাবাৰী,ৰঙাপাৰা,সোণাৰি,জনিয়া বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা অহা ২৮ ছেপ্টেম্বৰত ঘোষণা কৰা হ'ব।ইতিমধ্যে,জনিয়াৰ বাহিৰে বাকী সমষ্টিকেইটাৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰা হৈছে।প্ৰতিটো সমষ্টিৰ প্ৰাৰ্থীৰ পেনেলত তিনিগৰাকীকৈ প্ৰাৰ্থীৰ নাম আছে আৰু তাৰ মাজৰ পৰাই প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হ'ব।২৫ ছেপ্টেম্বৰত বিজেপিৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত নিৰ্বাচন সমিতিৰ বৈঠকত তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰা হয়।আনহাতে,২৬ ছেপ্টেম্বৰত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে জনিয়া সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰয়াসীসকলৰ লগত আলোচনা কৰি সমষ্টিটোৰ তিনিজনীয়া প্ৰাৰ্থীৰ পেনেল চূড়ান্ত কৰিব।আজিয়েই আটাইকেইটা সমষ্টিৰ প্ৰাৰ্থীৰ পেনেলৰ নামসমূহ কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰা হ'ব।কেন্দ্ৰীয় সমিতিয়ে ২৮ ছেপ্টেম্বৰত ঘোষণা কৰিব চাৰিওটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম।

Your Comments