বঙাইগাঁওঃ ২২ মেঃ
সমগ্ৰ দেশৰ লগতে কাইলৈ ৬ নং বৰপেটা লোক সভা সমষ্টিৰ অন্তৰ্গত ৩২নং বঙাইগাঁও বিধান সভা সমষ্টিটো ২৩ এপ্ৰিলত হৈ যোৱা লোক সভা নিৰ্বাচনৰ ভোট গণনা পুৱা আঠ বজাৰ পৰা আৰম্ভ হ'ব । এই ভোট গণনা কাৰ্যৰ প্ৰাকক্ষণত গণনা কাৰ্যৰ দায়িত্বত থকা কাউন্টিং অবজাৰভাৰ জোৰাম্মুনা ( ZORAMMUANA )য়ে আজি দিনৰ ২ বজাত বঙাইগাঁও আৱৰ্ত্ত ভৱনত উপস্থিত হৈ আৱৰ্ত্ত ভৱনৰ সভা কক্ষত ভোট গণনা কাৰ্যৰ বাবে নিয়োগ কৰা মাইক্ৰ অবজাৰভাৰসকলক লৈ এখন সভাত মিলিত হয় ।
এই সভাত কাউন্টিং অবজাৰভাৰগৰাকীয়ে ভোট গণনাৰ বাবে আৰোপ কৰা নিৰ্বাচন আয়োগৰ বিধিসমূহ আলোকপাত কৰি সকলোকে দায়িত্বসমূহ ভালদৰে বুজি লৈ সততা আৰু নিষ্ঠাসহকাৰে নিজৰ দায়িত্ব পালন কৰিবলৈ অনুৰোধ জনায় । এই সভাত বঙাইগাঁৱৰ নিৰ্বাচনী বিষয়া বাসবী ঠাকুৰীয়া , জিলা তথ্য বিষয়া বিজয় মজুমদাৰ , জিলা তথ্য আৰু জনসংযোগ বিষয়া প্ৰাৰ্থ প্ৰতিম খনিকৰৰ উপৰিও মাইক্ৰ অবজাৰভাৰসকল উপস্থিত থাকে ।
- Log in to post comments
- 9 views