লোকসভাৰ নিৰ্বাচনৰ ব্যাপক তৎপৰতাৰ মাজতে আজি ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা। ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে অসমৰ প্ৰাৰ্থীৰ পেনেল লৈ উপস্থিত হৈছে দিল্লীত। লগত আছে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
আনহাতে, অগপ সভাপতি অতুল বৰাসহ এটা দলো উপস্থিত হৈছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক সাক্ষাৎ কৰাৰ বাবে। অগপই বিজেপিৰ পৰা অসমৰ ১৪টা সমষ্টিৰ পাঁচটা লোকসভা সমষ্টি দাবী কৰাৰ বাবে ইতিমধ্যে বাহৰ পাতিছে দিল্লীত। অগপৰে আলোচনাৰ পাছতে বিজেপিৰ সংসদীয় বোৰ্ডে ঘোষণা কৰিব প্ৰাৰ্থী তালিকা।
আনহাতে, গুৰুত্বপূৰ্ণ কথা এই যে বৰ্তমান বিজেপিৰ তিনি সাংসদে এইবাৰ টিকট নোপোৱাটো প্ৰায় নিশ্চিত হৈছে। তাৰ ভিতৰত আছে যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, তেজপুৰৰ সাংসদ আৰ পি শৰ্মা আৰু নগাঁৱৰ সাংসদ ৰাজেন গোহাঁই। তাৰ বিপৰীতে সমষ্টি তিনিটাত প্ৰাৰ্থিত্ব পাব ক্ৰমে তপন গগৈ, হিমন্ত বিশ্ব শৰ্মা আৰু ৰূপক শৰ্মা অথবা আঙুৰলতা ডেকাই।
- Log in to post comments
- 184 views