অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত ৰাজীৱ ভৱনত শুকুৰবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্যাপন কৰে। ১৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বলীন কুলি, দ্বিজেন শৰ্মা, বিষ্ণু প্ৰসাদ আৰু আন অন্যান্য কংগ্ৰেছ নেতা।
অনুষ্ঠানত প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনে কয়- '১৮৮৫ চনৰ আজিৰ দিনটোতেই এই দলটোৰ জন্ম হৈছিল। সেই কাৰণেই আজি আমাৰ নেতা-কৰ্মীসকল ইয়াত একত্ৰিত হৈছোঁ।'
কংগ্ৰেছে বহু বছৰ শাসনত থাকি ভাৰতক বহুদূৰ আগুৱাই নিছে বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
- Log in to post comments
- 197 views