বৰক্ষেত্ৰীৰ লছিমাত নৱ নিৰ্বাচিত বিজেপিৰ পঞ্চায়ত প্ৰতিনিধিক সম্বৰ্ধনা

narayan_deka

চেঙাৰ পৰা সুৰজিৎ পাঠক
'ৰাইজৰ আস্থাক নিষ্ঠা আৰু সততাৰে গ্ৰহণ কৰি পঞ্চায়ত প্ৰতিনিধিসকলে গ্ৰাম্যাঞ্চলৰ সামগ্ৰীক বিকাশত গুৰুত্ব দিব লাগিব। দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতিত বিশ্বাস ৰাখি এখন আদৰ্শ পঞ্চায়ত গঢ়ি তুলিব লাগিব।'---- এই মন্তব্য বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ। 

নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত লছিমাত দেওবাৰে বিয়লি দৌলাশাল জিলা পৰিষদৰ সদস্য আৰু ৰামপুৰ-মুগদি গাঁও পঞ্চায়তৰ বিজেপি দলৰ  নৱ নিৰ্বাচিত প্ৰতিনিধিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। 

লছিমা গাঁও উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত সম্বৰ্ধনা সভাখনত সভাপতিত্ব কৰে লছিমা গাঁও উন্নয়ন সমিতিৰ সভাপতি ইলিয়াছ আলীয়ে। সভাখনত দৌলাশাল জিলা পৰিষদৰ সদস্য বিৰাজ মেধিৰ লগতে মুগদি- ৰামপুৰ গাঁও পঞ্চায়তৰ সভাপতি তাইজুদ্দিন আহমেদ , আঞ্চলিক সদস্য চন্দনা বৰ্মন ডেকা আৰু গাঁও পঞ্চায়ত খনত সৰ্বোচ্ছ ভোট লাভ কৰি জয়যুক্ত হোৱা গাঁও পঞ্চায়ত সদস্য নৃপেন বড়োক উষ্ণ সম্বৰ্ধনা জনায় লছিমা গাঁও উন্নয়ন সমিতি আৰু লছিমা নৱজ্যোতি সংঘই ।

সভাখনত বিধায়ক নাৰায়ণ ডেকাকো উষ্ণ সম্বৰ্ধনা জনায় গাঁও উন্নয়ন সমিতি আৰু নৱজ্যোতি সংঘই । ভাষণ প্ৰসংগত বিধায়ক ডেকাই বৰক্ষেত্ৰীৰ ৰাইজে হিন্দু- মুছলমানক লৈ ৰাজনীতি নকৰে বুলি উল্লেখ কৰি সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনত বৰক্ষেত্ৰীৰ চৰাঞ্চলত বিজিপিৰ প্ৰাৰ্থীয়ে  সংখ্যালঘু ৰাইজৰ যথেষ্ট মৰম আদায় কৰিবলৈ সক্ষম হৈছে বুলি কোৱাৰ লগতে ৰাইজৰ আগ্ৰহক গুৰুত্ব দিলেহে পঞ্চায়ত প্ৰতিনিধিসকল সফল হ'ব পাৰিব আৰু ৰাইজে ডিঙিত গামোচা দিবলৈ বিচাৰিব বুলি দোহাৰে ।

মূলত পঞ্চায়তীৰাজ ব্যৱস্থাটোক অধিক শক্তিশালী আৰু ত্বৰান্বিত কৰিবলৈ বস্তুবাদী চিন্তাৰ বিপৰীতে নিষ্ঠা আৰু সততাৰে সৰ্বকল্যাণমুখী কৰ্মসূচী ৰূপায়ণত গুৰুত্ব প্ৰদান কৰিবলৈ পঞ্চায়ত প্ৰতিনিধিসকলক  বিধায়ক ডেকাই আহ্বান জনায় । নৱনিৰ্বাচিত সভাপতি তাইজুদ্দিন আহমেদে ভাষণ প্ৰসংগত ৰাইজৰ সহায় সহযোগিতা কামনা কৰে । 

দৌলাশাল জিলা পৰিষদৰ নিৰ্বাচিত সদস্য বিৰাজ মেধিয়ে ৰাইজৰ আশা-আকাংক্ষাক নিষ্ঠা সহকাৰে  ৰূপায়ণ কৰিবলৈ দায়বদ্ধ বুলি উল্লেখ কৰে । সভাখনত  সমাজকৰ্মী তমিজুদ্দিন আহমেদ , শিক্ষক চামেদ আলী, লছিমা নৱজ্যোতি সংঘৰ সম্পাদক মস্তাক উদ্দিন আহমেদ , গাঁও উন্নয়ন সমিতিৰ সম্পাদক আতোৱাৰ ৰহমানকে ধৰি স্থানীয় ৰাইজ আৰু  বিজেপি দলৰ কেইবাগৰাকীও কৰ্মী সমৰ্থক উপস্থিত থাকে ।

Your Comments