বেইমান কোনো বেয়া শব্দ নহয়, বেইমানী কৰিলে বেইমান বুলিয়ে ক'ব লাগিব : ৰূপম গোস্বামী

বেইমান কোনো বেয়া শব্দ নহয়, বেইমানী কৰিলে বেইমান বুলিয়ে ক'ব লাগিব : ৰূপম গোস্বামী

"বেইমান আৰু ননচেন্স অসাংবিধানিক নহয় । অসম প্ৰদেশ কংগ্ৰেছে তিহাৰ জে'ল ফেৰৎ লোকক সভাপতি পাতিছে । বেইমান কোনো বেয়া শব্দ নহয় ।" 

শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেলত এনেদৰে মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে । সংবাদমেলখনত ৰূপম গোস্বামীয়ে কোকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰে । 

লগতে তেওঁ কয় যে তিহাৰ জে'ল ফেৰৎ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ হাতত বৰ্তমান জনসাধাৰণক চুব পৰাকৈ একো ইছ‍্যু নাই । সেয়েহে অসমৰ মুখ্য মন্ত্ৰীয়ে বৃহস্পতিবাৰে ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলক বেইমান বুলি কোৱাৰ অজুহাতত আজি সমগ্ৰ অসমতে বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ দিয়া নিৰ্দেশ অতি লজ্জাজনক । 

ৰিপুণ বৰাই বেইমান শব্দৰ অৰ্থ নাজানে । বেইমান অসাংবিধানিক শব্দ নহয় । ইয়াৰ অৰ্থ হ'ল অবিশ্বাস আৰু এই শব্দটোৰ উৎপত্তি উৰ্দু ভাষাৰ বুলিও ৰূপম গোস্বামীয়ে মন্তব্য কৰে । 

আনহাতে, অধিবক্তা তথা ৰাজ্যিক বিজেপিৰ আন এগৰাকী মুখপাত্ৰ বিজন মহাজনে কয় যে চুৰি কৰিলে চোৰ আৰু বেইমানী কৰিলে বেইমান বুলিয়েই ক'ব লাগিব । তাত সাংবিধানিক বা অসাংবিধানিক বুলি কথা নাই । 

ৰাইজে কয় কংগ্ৰেছ মানেই দুৰ্নীতি । গতিকে ৰাইজৰ টকা খোৱা লোকক বেইমান বুলিয়েই ক'ব লাগিব বুলিও মন্তব্য কৰে বিজন মহাজনে । 

লগতে তেওঁ কয় যে কংগ্ৰেছে বৰ্তমানৰ সময়ত ভৰিৰ তলৰ মাটি হেৰুৱাই সকলো কথা অপপ্ৰচাৰ কৰি ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি গাদী দখল কৰাৰ সপোন দেখাটো অবাস্তৱ । কংগ্ৰেছ দলে সদায় ক্ষমতাৰ ৰাজনীতিত বৰ্তি থাকিব বিচাৰে বুলিও তেওঁ মন্তব্য কৰে ।

Your Comments