৩১ জানুৱাৰী-১ ফেব্ৰুৱাৰীত দিল্লীত বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সন্মিলন

৩১ জানুৱাৰী-১ ফেব্ৰুৱাৰীত দিল্লীত বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সন্মিলন

মহানগৰীৰ আৱৰ্ত ভৱনত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি আব্দুল ৰছিদ আনছাৰীৰ সংবাদমেল । সংবাদমেলখনত আব্দুল ৰছিদ আনছাৰীয়ে কয় যে আগন্তুক বৰ্ষৰ ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত হ'ব বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সন্মিলন ৷

 এই ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব ৰাজ্যসমূহৰ প্ৰতিনিধি, প্ৰতিখন জিলাৰ সভাপতি, বিজেপিৰ সাংসদ, বিধায়কসকলকে ধৰি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক অধ্যক্ষসকলে ৷

বিশেষকৈ সংখ্যালঘুসকলৰ শৈক্ষিক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই সন্মিলন অনুষ্ঠিত কৰা হ'ব বুলিও ৰছিদ আনচাৰীয়ে মন্তব্য কৰে । 

আনহাতে, বাবৰি মছজিদৰ কথা উল্লেখ কৰি তেওঁ কয় যে সকলোৱে ধৈৰ্য‍ ধৰাটো অতি দৰকাৰী ।

Your Comments