ভগৱানৰ মাজত বিভাজন অনা আদিত্য নাথৰ পুণ্যভূমি অসমত স্থান নাই : প্ৰদেশ কংগ্ৰেছ

ভগৱানৰ মাজত বিভাজন অনা আদিত্য নাথৰ পুণ্যভূমি অসমত স্থান নাই : প্ৰদেশ কংগ্ৰেছ

"শংকৰ-আজানৰ পুণ্যভূমিত উগ্ৰ সাম্প্ৰদায়িক যোগী আদিত্য নাথৰ স্থান নাই । ভগৱানৰ মাজত বিভাজন আনিছে যোগী আদিত্য নাথে । ঘৃণাৰ ৰাজনীতিৰ মূল নায়ক যোগী আদিত্য নাথ । 

যোগী আদিত্য মহিলা জাতি বিদ্বেষী । উচ্চতম ন্যায়ালয়ক বিপথে পৰিচালিত কৰাৰ চেষ্টা বিজেপিৰ ।" 

উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্য নাথৰ অসমলৈ আগমনত সম্পৰ্কত এনেদৰে সৰৱ হে পৰে কংগ্ৰেছৰ নেতা প্ৰদ্যুৎ বৰদলৈ । আজি ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি এনেদৰে মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী প্ৰদ‍্যুৎ বৰদলৈয়ে । 

উল্লেখ্য যে সোমবাৰে উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্য নাথ অসমলৈ আহিছিল ৷ উত্তৰ-পূৰ্বাঞ্চললৈ আদিত্য নাথৰ আগমনৰ প্ৰসংগৰ তীব্ৰ প্ৰতিবাদ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ।

ভগৱানৰ মাজত বিভাজন অনা আদিত্য নাথৰ পুণ্যভূমি অসমত স্থান নাই : প্ৰদেশ কংগ্ৰেছ

এই বিষয়ে ব্যাখ্যা কৰি প্ৰদ্যুৎ বৰাই কয় যে যোগী আদিত্য নাথ এজন সাম্প্ৰদায়িক ব্যক্তি । তেনে ব্যক্তি অসমলৈ অহাটোৱেই দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে বৰদলৈয়ে ।

আদিত্য নাথৰ উশাহ-নিশাহত সাম্প্ৰদায়িকতা ভৰি আছে আৰু তেওঁৰ বিৰুদ্ধে এতিয়াও বহুতো আদালতত গোচৰ চলি আছে বুলিও মন্তব্য কৰে বৰদলৈয়ে । 

হিন্দু বাহিনী, লাভ জেহাদ, গো-ৰক্ষক বাহিনী প্ৰতিষ্ঠাৰ মূলতে যোগী আদিত্য নাথ আৰু মধ্য প্ৰদেশ, ছত্তীশগড় আদিকে ধৰি ৫ ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰত তেওঁৰ ''আলী বনাম বজৰং দল" শ্লোগান আছিল বুলি মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে । 

ভগৱানৰ মাজত বিভাজন অনা আদিত্য নাথৰ পুণ্যভূমি অসমত স্থান নাই : প্ৰদেশ কংগ্ৰেছ

আনহাতে, ৰাফেল বিমান ক্ৰয় বিতৰ্কৰ ক্ষেত্ৰত জেপিচিৰ দাবী জনায় কংগ্ৰেছৰ ফালৰ পৰা । ৰাফেল বিমানৰ বিষয়টোক লৈ অসংখ্য ফাঁকি কথাৰে উচ্চতম ন্যায়ালয়ক বিজেপি চৰকাৰে বিপথে পৰিচালিত কৰিছে বুলিও অভিযোগ আনে প্ৰদেশ কংগ্ৰেছে ।

ৰাফেল বিমানৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে যি ৰায় দিলে তাত বিজেপি চৰকাৰৰ বিপদ দেখি বিজেপিয়ে পুনৰ ন্যায়ালয়ত শপতনামা দাখিল কৰা বুলিও উল্লেখ কৰে সংবাদমেলত ৷

মোডী চৰকাৰে অসংখ্য ফাঁকি কথাৰে প্ৰতিশ্ৰুতি দিয়াৰ কথাও ব্যক্ত কৰে প্ৰদ্যুৎ বৰদলৈয়ে । যোগী আদিত্য নাথে ভগৱানৰ মাজতো বিভাজন অনাৰ অভিযোগ তোলে প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে । সংবাদমেলখনত প্ৰদ্যুৎ বৰদলৈৰ লগতে ববিতা শৰ্মা আৰু আব্দুল খালেকো উপস্থিত থাকে ।

Your Comments