পুনৰ ভোট গণনাৰ নামত ভেঁকা-ভাওনাৰে বিজেপি প্ৰাৰ্থীক জিকোৱাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ

পুনৰ ভোট গণনাৰ নামত ভেঁকা-ভাওনাৰে বিজেপি প্ৰাৰ্থীক জিকোৱাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ

"পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত পুনৰ ভোট গণনাৰ নামত ভেঁকো-ভাওনা বিজেপিৰ । য'তেই পুনৰ ভোট গণনা হৈছে ত'তেই বিজেপি জয়ী হৈছে । পুনৰ ভোট গণনাত প্ৰশাসনক ব্যৱহাৰ কৰিছে বিজেপিয়ে । নুৰ জামাল সৰকাৰ ব্যৰ্থ মন্ত্ৰী । হিমন্ত বিশ্ব শৰ্মাৰ দালাল নুৰ জামাল সৰকাৰ ।"

দেওবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত এখন সংবাদমেলত এনেদৰে মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক দুলু আহমেদে । 

পঞ্চায়ত নিৰ্বাচনত হোৱা বিসংগতিৰ বাবে বিজেপি দলক অভিযোগ কৰি সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে এইবাৰ নিৰ্বাচনত কংগ্ৰেছ দলে এটা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ।

ভাল ফলাফল দেখুৱাবলৈ সক্ষম নোহোৱা হ'লে পুনৰ ভোট গণনাৰ ভেঁকো-ভাওনাখন নহ'লহেঁতেন বুলিও তেওঁ উল্লেখ কৰে । আনহাতে, পুনৰ ভোট গণনাৰ নামত বিজেপিৰ নেতা-পালিনেতাই যিবোৰ কাম কৰি পৰাজয় হোৱা প্ৰাৰ্থীক জিকাইছে তাৰপৰাই বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত মুখ থেকেছা খোৱাটো প্ৰমাণিত হৈছে বুলি কংগ্ৰেছৰ যুৱনেতাগৰাকীয়ে উল্লেখ কৰে ৷

লগতে তেওঁ এই কথা অসমৰ মানুহে বুজি উঠিছে যে যাৰ কাৰণে তেওঁলোকে পুনৰ ভোট গণনাৰ পথ বাছি লৈছে বুলিও মন্তব্য কৰে । দুলু আহমেদে কয় হাজোত বিজেপিৰ দ্বাৰা  গণতন্ত্ৰক কবৰ দিয়া হৈছে বুলিও গুৰুতৰ অভিযোগ আনে ।

উল্লেখ্য যে ৫৫নং হাজো বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩নং পঞ্চতীৰ্থ জিলা পৰিষদত কংগ্ৰেছ দলৰ প্ৰাৰ্থী অজিত ঠাকুৰীয়া জয়ী হোৱাৰ পিছত হঠাৎ জিলা প্ৰশাসনে পুনৰ ভোট গণনা কৰি আৰ এছ এছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা শংকৰ দাসৰ ভাতৃ তথা বিজেপি দলৰ প্ৰাৰ্থী বিপুল দাস জয়ী হোৱা বুলি ঘোষণা কৰে । 

পুনৰ ভোট গণনাৰ সময়ত কামৰূপ উপায়ুক্তৰ কাৰ্যালয়ত বিভিন্ন জিলাৰ প্ৰায় ২০০০ আৰ এছ এছৰ কৰ্মী উপস্থিত হৈ পুনৰ গণনা কাৰ্যত প্ৰশাসনৰ সহযোগত ভিতৰলৈ সোমাই হস্তক্ষেপ কৰি পুনৰ গণনা কাৰ্য আৰম্ভ কৰা বুলি তেওঁ অভিযোগ কৰে ।

তাৰে কিছু লোকে কংগ্ৰেছ দলৰ প'লিং এজেণ্টসকলক জোৰজুলুমকৈ গণনা কক্ষৰ পৰা উলিয়াই দিয়াৰ লগতে বাহিৰত থকা কংগ্ৰেছৰ কৰ্মীসকলক পুলিচ প্ৰশাসনৰ হতুৱাই মাৰপিত কৰাৰো অভিযোগ কৰে অসম প্ৰদেশৰ সাধাৰণ সম্পাদক দুলু আহমেদে । 

আনহাতে, অসম প্ৰদেশ কংগ্ৰেছৰ আন এজন সাধাৰণ সম্পাদক কিশোৰ ভট্টাচাৰ্যই এইবাৰ পঞ্চায়ত নিৰ্বাচনত যথেষ্ট খেলিমেলি হৈছে বুলি উল্লেখ কৰে । বিশেষকৈ শাসকীয় বিজেপি দলে ভোট গণনা প্ৰক্ৰিয়াত তেওঁলোকৰ প্ৰভাৱ খটুৱাবলৈ চেষ্টা কৰাৰ কথা তেওঁ কয় । 

জনমতক যদি ক্ষমতাৰে প্ৰভাৱিত কৰি কোনো দলে বা শাসকীয় পক্ষই নিজৰ পক্ষত সমৰ্থন থকা বুলি প্ৰতিপন্ন কৰিবলৈ খোজে তেনেহ'লে সেয়া গণতন্ত্ৰৰ প্ৰতি এক অশনি সংকেত বুলি কিশোৰ ভট্টাচাৰ্যই মন্তব্য কৰে । 

নুৰ জামাল সৰকাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাক লৈ কৰা মন্তব্য সন্দৰ্ভত দুলু আহমেদে কয় যে নুৰ জামাল সৰকাৰ এজন ব্যৰ্থ মন্ত্ৰী । তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ দালাল । আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত মিলি কংগ্ৰেছ দলত বিভাজন আনিব বিচাৰিছে বুলি লগতে কয় ।

Your Comments