''কংগ্ৰেছ দলটো সাৰ্বজনীন দল হৈ থকা নাই । কংগ্ৰেছ দলটো এটা মুছলমানৰ দললৈ ৰূপান্তৰ হৈছে । য'তেই মুছলমান তাতেই কংগ্ৰেছ । কংগ্ৰেছে নামটো সলনি কৰি মুছলিম লীগ ৰখা উচিত ।
বদৰুদ্দিন আজমলে ভোট বিক্ৰী কৰিছে কংগ্ৰেছক ।" শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালে সংবাদ মাধ্যমৰ আগত এইদৰে বিস্ফোৰক মন্তব্য কৰে ।
লগতে তেওঁ কয় যে এটা সময়ত 'হু ইজ বদৰুদ্দিন' বুলি কোৱা তৰুণ গগৈয়ে এতিয়া ক'বনে 'আই এম বদৰুদ্দিন' বুলি । কাৰণ তেনেকৈ কোৱাৰ পৰিবেশ এটা কংগ্ৰেছ দলত এতিয়া আহিছে ।
আনহাতে, অসম গণ পৰিষদ দলক পৰাজিত সৈনিকৰ সৈতে তুলনা কৰি তেওঁ কয়, 'ৰেডক্ৰছৰ এটা নীতি আছে যে বিপক্ষ সৈনিকজন যদি আঘাতপ্ৰাপ্ত হয় তেনে লোকক চিকিৎসা কৰিব লাগে ।
তেনে ক্ষেত্ৰত অসম গণ পৰিষদ নিৰ্বাচনত পৰাজিত হৈ আঘাতপ্ৰাপ্ত হৈছে, তেওঁলোকৰ চিকিৎসাৰ প্ৰয়োজন আছে । বিজেপি দলে ৰেডিক্ৰছৰ যি নিয়ম তাক পালন কৰিব ।
ভাৰতীয় জনতা পাৰ্টীৰ বাবে বহু প্ৰত্যাহ্বান আছিল পঞ্চায়ত নিৰ্বাচন । নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিভিন্ন সংগঠন, বুদ্ধিজীৱী বা বিভিন্নজনে ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে মতদান কৰিবলৈ ৰাইজক আহ্বান জনাইছিল ।
কিন্তু আমি ৰাইজক ধন্যবাদ জনাইছোঁ, তেওঁলোকে নিজৰ বুদ্ধি-বিবেচনাৰে ভুল-শুদ্ধ বিচাৰ কৰি মতদান কৰিলে বুলিও মন্তব্য কৰে মুখপাত্ৰগৰাকীয়ে ।
ইছলামধৰ্মী লোকসকলক লৈ কংগ্ৰেছে বহু দিনৰ পৰাই ৰাজনীতি কৰি আছে । ইছলামধৰ্মী লোকসকলক ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে বহু অপপ্ৰচাৰ চলাই আহিছে ।
ইয়াৰ দ্বাৰা কংগ্ৰেছে মুছলমান লোকসকলক ইমান দিনে শোষণ আৰু প্ৰৱঞ্চনা কৰি আহিছে বুলিও মমিনুল আৱালে মন্তব্য কৰে ।
- Log in to post comments
- 71 views