কৰিমগঞ্জ জিলাৰ ৩৭টা পুলিংত ৰি-পুলিং কংগ্ৰেছে নিবিচাৰে : দেৱব্ৰত শইকীয়া

s

কৰিমগঞ্জ জিলাৰ পঞ্চায়ত নির্বাচনত সংঘটিত বিশৃংখল পৰিস্থিতিৰ বাবে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত প্ৰদেশ কংগ্রেছৰ এটা সঁজাতী দলে ৰাজ্যিক মঙ্গলবাৰে নির্বাচনী আয়ুক্তক সাক্ষাৎ কৰি অভিযোগৰ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। 
স্মাৰক পত্ৰ প্ৰেৰণ কৰি সংবাদ মাধ্যমৰ আগত দেৱব্ৰত শইকীয়াই কয় যে "নৰেন্দ্ৰ মোডী আৰু অমৃত শ্বাহৰ কংগ্ৰেছ মুক্ত ভাৰতৰ যি সপোন সেই সপোন ৰাইজে প্ৰত্যাখান কৰিছে আৰু কংগ্ৰেছৰ নীতিকেই আঁকোৱালি লবলৈ ৰাইজ আগবাঢ়ি আহিছে। 

হিমন্ত বিশ্ব শৰ্মাৰ প্ৰলোভনৰ পিছতো বিজেপিক ভোট নিদিয়াৰ বাবে মিজোৰামৰ লোক সকলক ধন্যবাদ জনালো দেৱব্ৰত শইকীয়াই । 

তেওঁ লগতে কয়, “মিজোৰামত কংগ্ৰেছৰ মুখ্যমন্ত্ৰীজন ২০ বছৰ ধৰি মুখ্যমন্ত্ৰী হৈছিল। গতিকে সেয়া পৰিৱৰ্তন হোৱাটো বিচাৰিলে। মিজোৰাম এখন শিক্ষিতৰ ৰাজ্য, গতিকে আঞ্চলিকতাবাদী শক্তিক শাসন কৰাৰ বাবে সুবিধা দিব বিচাৰিছে। আৰু আমি ইয়াক আঁকোৱালি লোৱা উচিত। 

শইকীয়াই লগতে কয় ‘কৰিমগঞ্জত ৩৭টা পুলিং ষ্টেচনত ৰি-পুলিং দিছে। প্ৰকৃততে প্ৰিজাইডিং অফিচাৰসকলে কোনো গণ্ডগোল তথা অপ্ৰীতিকৰ ঘটনা হোৱা নাই বুলি কোৱা স্বত্তেও জিলা উপায়ুক্তক প্ৰভাম্বিত কৰি শাসক পক্ষই উক্ত ভোট কেন্দ্ৰসমূহত পুনৰ পুলিঙৰ ব্যৱস্থা কৰিছে । বহু পুলিং ষ্টেচনৰ বাবে বেলট পেপাৰো তৈয়াৰ হোৱা নাই । 

শইকীয়াই লগতে দাবী কৰি কয় ‘বিজেপিয়ে পৰাজয়ৰ আশংকা কৰি ৰিগিং কৰিবৰ বাবে এনেধৰণে ৰি-পুলিং কৰিব বিচাৰিছে ।

 যি সমূহ ভোটকেন্দ্ৰত কোনো অপ্ৰীতিকৰ ঘটনা হোৱা নাই তাত পুনৰ পুলিংৰ ব্যৱস্থাটো বন্ধ কৰিবলৈ আহ্বান জনাই ৰাজ্যিক নিৰ্বাচনী আয়ুক্তক স্মাৰক-পত্ৰ প্ৰদান কৰে ।

Your Comments