"বিজেপিয়ে পঞ্চায়ত নিৰ্বাচন পাতিবলৈ বিচৰা নাছিল । প্ৰথম পৰ্যায়ৰ দৰে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনতো কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিব । পঞ্চায়ত নিৰ্বাচনত হোৱা বিসংগতিৰ বাবে অসম চৰকাৰ জগৰীয়া ।
অগপ-বিজেপিৰ কাজিয়া এতিয়া নাটকত পৰিণত হৈছে । বিজেপি নেতাৰ মাটি বেদখল দেখিও নিমাত কিয় মুখ্য মন্ত্ৰী সোণোৱাল ?"
সোমবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি এইদৰে ব্যক্ত কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ।
সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ লগতে কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, ৰঞ্জন বৰাকে ধৰি বহু কেইজন জ্যেষ্ঠ নেতাও উপস্থিত আছিল ।
সংবাদমেলৰ জৰিয়তে সভাপতি ৰিপুণ বৰাই কয় যে পঞ্চায়ত নিৰ্বাচনৰ বাবে সাধাৰণ ৰাইজ যেনেদৰে ওলাই আহিছে, এয়া কংগ্ৰেছ দলৰ বাবে এক শুভ লক্ষণ । সাধাৰণ ৰাইজেও এতিয়া সলনি বিচাৰিছে ।
নিৰ্বাচনৰ সকলো দিশ চোৱাৰ পিছত কংগ্ৰেছেই আটাইতকৈ বেছি আসন পাব বুলি আমাৰ দৃঢ় বিশ্বাস বুলিও ৰিপুণ বৰাই মন্তব্য কৰে । লগতে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত হোৱা বিসংগতিৰ বাবে ৰাজ্য চৰকাৰ জগৰীয়া বুলিও সভাপতিগৰাকীয়ে উল্লেখ কৰে ।
তেওঁ কয় যে এজন মাত্ৰ ৰঙা টুপীৰ আৰক্ষীয়ে বিনা অস্ত্ৰৰে এখন নিৰ্বাচনৰ দায়িত্ব ল'ব নোৱাৰে । আমাৰ সাধাৰণ জনতাই সহযোগিতা কৰাৰ বাবেহে নিৰ্বাচন সুকলমে হ'ল ।
আনহাতে, বিজেপিৰ দলীয় কৰ্মীৰ মাটি বেদখল প্ৰসংগত ৰিপুণ বৰাৰ মন্তব্য, 'আমি চৰকাৰত থাকোঁতে জলসম্পদ বিভাগৰ মাটিখিনিত বি আৰ এম আইন মহাবিদ্যালয় স্থাপনৰ বাবে অনুমতি বিচাৰিছিলোঁ ৷
কিন্তু চৰকাৰী মাটি বুলিও আমাক অনুমতি দিয়া নাছিল । এতিয়া সেইখিনি চৰকাৰী মাটিত বিজেপিৰ কাৰ্যালয় কেনেকৈ বনাব পৰা হ'ল । বিজেপি নেতাৰ মাটি বেদখল দেখিও এতিয়া মুখ্য মন্ত্ৰী নিমাত কিয় বুলিও ৰিপুণ বৰাই সংবাদমেলৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ প্ৰশ্ন কৰে ।
আনহাতে, অগপ আৰু বিজেপিৰ মিত্ৰতাৰ কথা উল্লেখ কৰি তেওঁ কয় 'অগপ আৰু বিজেপিয়ে সদায় বোকা ছটিওৱা ৰাজনীতি কৰি আহিছে । তেওঁলোকৰ এই সংঘাত এতিয়া নাটকত পৰিণত হৈছে ।
আমাৰ আহ্বান, আপোনালোকে এই নাটক বন্ধ কৰক । কাৰণ এই নাটকৰ বাবে অসমৰ উন্নয়ন পিছুৱাই গৈছে ।'
- Log in to post comments
- 10 views