ৰাজ্যখনৰ পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ কাইলৈ ভোট গ্ৰহণৰ দিন । চেঙাত স্পষ্ট হৈ নুঠিল ৰাজনৈতিক দৃশ্যপট । সমষ্টিটোত বিশেষকৈ অগপ দলৰ হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু বিজেপি দলৰ প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেইবাগৰাকী শীৰ্ষ নেতাই শেষৰ দুদিন প্ৰচাৰ চলাই যোৱাৰ পাছত জটিল হৈ পৰিছে চেঙাৰ ৰাজনৈতিক সমীকৰণ । ৬নং চেঙা জিলা পৰিষদ সমষ্টিৰ ৩৪ হেজাৰ ভোটাৰে নিৰ্ণয় কৰিব ৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ।
সমষ্টিটোত বিজেপি প্ৰাৰ্থী বসন্ত ঠাকুৰীয়াই এক সন্তোষজনক স্থিতিত উপনীত হৈছে বুলি ৰাজনীতিৰ ভূ-ৰখাসকলৰ মাজত চৰ্চিত হৈছে । এই ক্ষেত্ৰত অগপৰ প্ৰাৰ্থীজনে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি যে কৰিব সেয়া নিশ্চিত । অৱশ্যে ৰাজনীতিত চতুৰ কংগ্ৰেছ দলকো উলাই কৰিব নোৱাৰি । ইফালে নিজ চেঙা গাঁও পঞ্চায়তত তিনিকোণীয়া প্ৰতিদ্বন্দিতাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে । বিজেপি আৰু অগপ উভয়ে সভাপতি পদটোকলৈ প্ৰবল আশাবাদী ।
আনহাতে আঞ্চলিক সদস্য পদৰ ক্ষেত্ৰত দেখা দিছে নতুন ৰাজনৈতিক সমীকৰণ । অগপ দলৰ প্ৰবল সম্ভাৱনা থকা সদস্য পদত নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে অগপৰ অংকত জটিলতাৰ সৃষ্টি কৰিছে । বিজেপি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীদ্বয়ক লৈ বিশেষ চৰ্চা হোৱা নাই যদিও ৰাজনীতিত সকলো সম্ভৱ । চেঙাৰ বিভিন্ন ৰাজনৈতিক সমীকৰণে নিশ্চিতভাৱে প্ৰাৰ্থীসকলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হোৱাৰ ইংগিত বহন কৰিছে । ইফালে পঞ্চায়ত নিৰ্বাচনত ৰাইজক বিবেক ভোট দিবলৈ আহ্বান জনাইছে চেঙা আঞ্চলিক ছাত্ৰ সন্থাই।
চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক স্বাক্ষৰিত এক বিবৃতিত ছাত্ৰ সংগঠনটোৱে দলৰ সলনি প্ৰাৰ্থীৰ ওপৰতহে গুৰুত্বাৰোপ কৰা উচিত বুলি উল্লেখ কৰে । শিক্ষিত, কৰ্মদক্ষ, নিকা আৰু সমাজ সচেতক লোকেহে আমাৰ অঞ্চলক প্ৰগতিৰ ক্ষেত্ৰত ত্বৰান্বিত কৰিব পাৰিব । পঞ্চায়তীৰাজ ব্যৱস্থাক শক্তিশালী তথা অগ্ৰগামী কৰিব পৰা দক্ষতা সম্পন্ন প্ৰাৰ্থীক আবেগৰ সলনি যুক্তিৰ আধাৰত বিবেকৰ জৰিয়তে চিনাক্ত কৰি শান্তিপূৰ্ণভাৱে ভোটদান কৰিবলৈ ছাত্ৰ সংগঠনটোৱে ৰাইজক আহ্বান জনাইছে।
- Log in to post comments
- 13 views