দ্বিতীয় পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত ভোটাৰসকলক বিবেক ভোট দিবলৈ আহ্বান জনাইছে বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই । গাঁওসমূহৰ উন্নয়নৰ মাপকাঠি উন্নত কৰিবলৈ পঞ্চায়তৰ জনপ্ৰতিনিধিসকল নিশ্চিতভাৱে শিক্ষিত, দক্ষ, কৰ্মপটু আৰু নৈতিকতাবোধ সম্পন্ন হোৱা অতিকৈ প্ৰয়োজনীয় ।
যাৰ বাবে দলতকৈ প্ৰাৰ্থীজনৰ ভাৱমূৰ্তিক অগ্ৰাধিকাৰ দিয়াৰ সময় আহিছে । এক বিবৃতিত বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰসন্থাৰ সভাপতি ৰফিকুল ইছলাম, সম্পাদক ৰাজদ্বীপ তালুকদাৰ আৰু উপদেষ্টা সুৰজিৎ পাঠকে ভোটাৰসকলক বিবেক ভোটৰ দ্বাৰা এশ শতাংশ ভোটদান কৰি গণতন্ত্ৰ শক্তিশালী কৰাৰ লগতে পঞ্চায়তীৰাজ ব্যৱস্থাটোক স্বচ্ছ আৰু নিকা কৰাত সহযোগ কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় ।
চৰকাৰৰ আঁচনিসমূহ ৰাইজৰ মাজলৈ নিব পৰা প্ৰাৰ্থীক ভোট দিয়াৰ লগতে ভুৱা প্ৰতিশ্ৰুতিত ভোল নাযাবলৈও আহ্বান জনায় ছাত্ৰ সংগঠনটোৱে ।
- Log in to post comments
- 14 views