চেঙাৰ বহৰিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কংগ্ৰেছ-এ আই ইউ ডি এফক কঠোৰ সমালোচনা

ে

"গ্ৰাম্যাঞ্চলৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ পৰিকাঠামো পঞ্চায়তীৰাজ ব্যৱস্থাৰ লগতে গোটেই উন্নয়নমুখী প্ৰক্ৰিয়াবোৰক কলংকিত কৰা কংগ্ৰেছ দলক প্ৰশ্ৰয় নিদিব। এক নিকা পঞ্চায়তীৰাজ ব্যৱস্থাৰে অসমৰ গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ সবল কৰিব লাগিব ৷ এক নিকা আৰু কৰ্মমুখী চিন্তাৰে পঞ্চায়তীৰাজ ব্যৱস্থাৰ পৰিবৰ্তনৰ জৰিয়তে আমি আগবঢ়ি যাব লাগিব । "আজি চেঙাৰ এক নিৰ্বাচনী সভাত এই মন্তব্য কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত আজি ৬নং চেঙা জিলা পৰিষদ সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী বসন্ত ঠাকুৰীয়াৰ লগতে আন আন দলীয় প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ৰাইজৰ নিৰাপত্তাৰ বাবে, উঠি অহা ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যতৰ বাবে অসমৰ ৰাইজে পৰিবৰ্তন বিচাৰিছে। উন্নয়ন আৰু দুৰ্নীতিমুক্ত পঞ্চায়তীৰাজ ব্যৱস্থাৰ বাবে বিজেপি দলক ভোট দিবলৈ ৰাইজক আহ্বান জনাই সোণোৱালে বিজেপি চৰকাৰৰ আঁচনিসমূহৰ ওপৰত অধিক গুৰুত্বাৰোপ কৰি মহিলা, পুৰুষ, বৃদ্ধ, বিধবা, কৃষক আদিৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ জৰিয়তে সৰ্বস্তৰৰ সৰ্বসাধাৰণ ৰাইজৰ বাবে সমবিকাশ সমউন্নয়ণৰ বাবে বিজেপি চৰকাৰ সংকল্পবদ্ধ বুলি উল্লেখ কৰে।

কংগ্ৰেছ দলে সকলো ক্ষেত্ৰতে হিমালয় পাহাৰ সদৃশ দুৰ্নীতি সংঘটিত কৰাৰ পাছত ইয়াক নিৰ্মূল কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব বুলি কৈ এই ক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰে সোণোৱালে । কংগ্ৰেছৰ কাৰ্যকালত গোষ্ঠী সংঘৰ্ষৰ সৃষ্টি হৈছিল । সৰ্বসাধাৰণ মানুহৰ জীৱনক লৈ কংগ্ৰেছে খেলা কৰিছিল বুলিও মুখ্য মন্ত্ৰীজনে কংগ্ৰেছক সমালোচনা কৰে । তেওঁ পুনৰ কয় যে সংখ্যালঘু সম্প্ৰদায়ৰ মাজত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে ভয় আৰু শংকাৰ সৃষ্টিৰে বিজেপিৰ বিৰুদ্ধে উচতনি দি আহিছে ।

কিন্তু বিজেপি চৰকাৰৰ এই আঢ়ৈ বছৰীয়া শাসনৰ সময়ছোৱাতে চৰ-চাপৰিৰ লগতে বৰাক-ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰৰ সংখ্যালঘু ৰাইজে এতিয়া বুজি উঠিছে বিজেপি দল সাম্প্ৰদায়িক নহয় । মুখ্য মন্ত্ৰী সোণোৱালে অসমৰ বুকুত সন্ত্ৰাসবাদ নালাগে, শান্তি লাগে বুলি উল্লেখ কৰি কয় যে অসমক সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ বিজেপি দল বদ্ধপৰিকৰ । মন কৰিবলগীয়া কথা এই যে আজিৰ এই নিৰ্বাচনী সভাখনত অগপ দলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নমনীয় স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে চেঙাত অগপ দলটোৱে বিজেপি আৰু কংগ্ৰেছৰ বাবে তীব্ৰ প্ৰত্যাহ্বান হৈ থিয় দিয়াৰ পাছতো অগপ দল সন্দৰ্ভত মুখ্যমন্ত্ৰী সোণোৱালৰ নমনীয় স্থিতিয়ে তাৎপৰ্য বহন কৰিছে । উল্লেখ্য যে বহৰি মিনি ষ্টেডিয়ামত দিনৰ ১২ বজাত অনুষ্ঠিত আজিৰ নিৰ্বাচনী সভাত বৰপেটা জিলা বিজেপি সমিতিৰ সভাপতি শংকৰ চন্দ্ৰ দাসৰ লগতে বিজেপি দলৰ বহুকেইজন নেতা উপস্থিত থাকে ।

Your Comments