দৌলাশাল লাৰকুছি পঞ্চায়তত অগপ-কংগ্ৰেছক সমালোচনা বিধায়কৰ

a

বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত দৌলাশাল-লাৰকুছি পঞ্চায়তৰ গোৰাক্ষাট্টাৰীত কালি এখন নিৰ্বাচনী সভাত উপস্থিত থাকি বৰক্ষেত্ৰীৰ স্থানীয় বিধায়ক নাৰায়ণ ডেকাই অগপ দলক ক্ষুৰধাৰ সমালোচনা কৰি ৰাইজক বিজেপি দলৰ সপক্ষে ভোট দিবলৈ আহ্বান জনায় । ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে কয় যে সম্প্ৰতি পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ দলে জিকিবলৈ অৱতীৰ্ণ হোৱা নাই, ভোট বিভাজনৰ জৰিয়তে প্ৰকাৰন্তৰে কংগ্ৰেছৰ বিজয়ৰ পথ সুগম কৰি তুলিবলৈহে অগপই নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।

যিসকল নেতাই ছয় বছৰীয়া অসম আন্দোলনৰ জৰিয়তে কংগ্ৰেছৰ বিৰুদ্ধে গৈ অসম গণ পৰিষদ দল গঠন কৰি কংগ্ৰেছক বিৰোধীৰ আসনত বহুৱাই নিজে ১০ বছৰ শাসনত অধিষ্ঠিত হৈছিল সেই অগপ দলে এতিয়া কংগ্ৰেছক সহায় কৰেবলৈ উঠি পৰি লাগিছে ।" স্থানীয় সমাজসেৱক কনক নাথৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী সভাখনত বিধায়কগৰাকীয়ে কংগ্ৰেছ দলকো তীব্ৰ সমালোচনা কৰি বিজেপিয়ে দুৰ্নীতি মুক্ত, নিকা আৰু স্বচ্ছ পঞ্চায়তীৰাজ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰেহে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছে বুলি কয় ।

সভাত উপস্থিত থাকি দৌলাশাল জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থী বিৰাজ মেধিয়ে অগপ আৰু কংগ্ৰেছ দলক সমালোচনা কৰি বিজেপিৰ প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজক আহ্বান জনায় । সভাত দৌলাশাল-লাৰকুছি পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থী শ্বাহৰুখ হুছেইন, আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী অৰ্চনা কলিতাৰ লগতে যথেষ্ট সংখ্যক কৰ্মী-সমৰ্থক উপস্থিত থাকে ।

Your Comments