চেঙাত অগপৰ ক্ৰমাগত উত্থানে আউল লগাইছে কংগ্ৰেছ-বিজেপিৰ অংকত

ে

বৰপেটা জিলাৰ চেঙাত আঞ্চলিক ৰাজনৈতিক দল অগপৰ দ্ৰুত উত্থানত চিন্তিত হৈ পৰিছে বিজেপি আৰু কংগ্ৰেছ দল । সমষ্টিটোৰ বহু কেইখন পঞ্চায়তত অগপই হেৰুওৱা শক্তি পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে । ফলত শাসকীয় বিজেপি দল আৰু সমষ্টিটো নিজৰ দখলত থকা কংগ্ৰেছৰ ৰাজনৈতিক অংকত আউল লাগিছে ।

নিজ চেঙা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা পদৰ অগপৰ মনোনীত  প্ৰাৰ্থী বিনীতা ডেকাৰ প্ৰতি গৰিষ্ঠ সংখ্যক সচেতন ভোটাৰ- ৰাইজে সমৰ্থন প্ৰকাশ কৰাটো অগপ দলৰ বাবে পঞ্চায়তখনত ইতিবাচক দিশ হিচাপে বিবেচিত হৈছে । সদস্য পদটোত প্ৰাৰ্থীগৰাকীৰ বিজয়ৰ সম্পূৰ্ণ সম্ভাৱনা আছে ।

ইফালে নিজ চেঙা গাঁও পঞ্চায়তৰ সভাপতি পদত বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ যথেষ্ট সম্ভাৱনা আছে যদিও অগপৰ প্ৰাৰ্থী ডেইজী দাসে আউল লগোৱাৰ সম্ভাৱনা আছে । এইক্ষেত্ৰত অগপ, বিজেপি আৰু কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হোৱাটো নিশ্চিত । আনহাতে  চেঙা মুছলমান পাৰা গাঁও পঞ্চায়তত অগপৰ সভাপতি পদৰ মনোনীত প্ৰাৰ্থী নজিম আলীৰ প্ৰচাৰ কংগ্ৰেছ আৰু এআইউডিএফৰ প্ৰাৰ্থীতকৈ বহু দূৰ আগত অৱস্থান কৰা পৰিলক্ষিত হৈছে ।

লক্ষ্যণীয় যে চেঙাত আঞ্চলিক ৰাজনৈতিক দল অগপই বাকী দলৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে । ইফালে শাসকীয় বিজেপি দলেও উঠি পৰি লাগিছে চেঙাত । আজি সন্ধিয়া দলটোৰ প্ৰচাৰৰ বাবে চেঙাত  মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ৭ ডিচেম্বৰত  সমষ্টিটোৰ বহৰিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দলৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত প্ৰচাৰ চলাব বুলি জানিব পৰা গৈছে। ৬নং চেঙা জিলা পৰিষদৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী বসন্ত ঠাকুৰীয়াৰ প্ৰচাৰে ইতিমধ্যে তুংগত উঠিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বহৰিত প্ৰচাৰ চলোৱাৰ পিছত বসন্ত ঠাকুৰীয়াৰ বিজয় নিশ্চিত বুলি চৰ্চা আৰম্ভ হৈছে ভোটাৰৰ মাজত ।

ইয়াৰ বিপৰীতে স্থানীয় বিধায়ক  শুকুৰ আলী আহমেদৰ  পৰিয়াল কেন্দ্ৰীক তথা টিকট ক্ৰয়-বিক্ৰয় ৰাজনীতিৰ বাবে কংগ্ৰেছ শিবিৰত উৎসাহ পৰিলক্ষিত হোৱা নাই যদিও শেষ নিশাৰ খেলত অভ্যস্ত কংগ্ৰেছ দলক উলাই কৰিব নোৱাৰি । প্ৰচাৰৰ সলনি কংগ্ৰেছে শেষ নিশাৰ কৌশলত গুৰুত্বাৰোপ কৰাৰ গোপন খবৰ আহিছে ৷

Your Comments