বিজেপিয়ে অসমক দ্বিতীয় ত্ৰিপুৰা হ'বলৈ নিদিয়ে

বিজেপিয়ে অসমক দ্বিতীয় ত্ৰিপুৰা হ'বলৈ নিদিয়ে

ভাৰতীয় জনতা পাৰ্টীয়ে অসমক কেতিয়াও দ্বিতীয় ত্ৰিপুৰা হ'বলৈ নিদিয়ে । 

জামাত-উল-মুজাহিদিনৰ শিপা মেলিছে অসমত ৷ কিন্তু এই ক্ষেত্ৰত নিমাত অসমৰ অস্তিত্ব ৰক্ষাৰ কথা কোৱা দল-সংগঠন । 

অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাত ভাৰতীয় জনতা পাৰ্টী সদায় সুদৃঢ় । 

বিজেপিৰ চৰকাৰখনে বেচা-কিনাৰ ব্যৱসায় নকৰে । 

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সোমবাৰে এক সংবাদমেলত এইদৰে মন্তব্য কৰে বিজেপিৰ নেতা ধ্ৰুৱ প্ৰসাদ বৈশ্যই । 

সংবাদমেল সম্বোধন কৰি ধ্ৰুৱ প্ৰসাদ বৈশ্যই কয়- বিজেপি নেতৃত্বাধীন অসম চৰকাৰে অসমক বহু আগুৱাই লৈ গৈছে । 

লগতে তেওঁ কয় যে বিজেপি চৰকাৰে উন্নয়নত বিশ্বাস কৰে । ভাৰতবৰ্ষৰ আন ৰাজ্যত যেনেকৈ উন্নয়ন হৈছে অসমতো ঠিক তেনেদৰেই উন্নয়ন   হ'ব । আৰু অসমৰ উন্নয়নক আগবঢ়াই নিবলৈ কেন্দ্ৰীয় চৰকাৰ সদায় দৃঢ় প্ৰতিজ্ঞ বুলিও তেওঁ জানিবলৈ দিয়ে । 


আনহাতে, দলটোৰ মুখপাত্ৰ মমিনুল আৱালে সংবাদমেলখনত কংগ্ৰেছ সাৰ্বজনীন দল নহয় এটা বিশেষ ধৰ্মাৱলম্বী লোকৰ পক্ষত আছে বুলি মন্তব্য কৰে । 

কংগ্ৰেছৰ নামটো সলনি কৰি মুছলিম লীগ কৰি লোৱাটো ভাল হ'ব আৰু কংগ্ৰেছে অসমীয়াৰ অস্তিত্বৰ কথা চিন্তা নকৰে বুলিও মুখপাত্ৰগৰাকীয়ে মন্তব্য কৰে । 

আনহাতে, তেওঁ কয় যে বৰ্তমানৰ সৰ্বানন্দ সোণোৱাল চৰকাৰখনে অসমৰ লোকসকলৰ স্বাৰ্থৰ কথা চিন্তা কৰিয়েই সকলো সিদ্ধান্ত গ্ৰহণ কৰে । এই বিষয়টোকে লৈ কিছুমান দল শংকিত হৈ পৰিছে ।

Your Comments