"পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বিজয়ৰ অনিৰুদ্ধ গতি অব্যাহত থাকিব । হৰিশ ৰাৱাট ভাৰতীয় ৰাজনীতিৰ আটাইতকৈ দুৰ্নীতিপৰায়ণ মুখ্য মন্ত্ৰী।" দেওবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই এক সংবাদমেলযোগে এইদৰে মন্তব্য কৰে ।
লগতে তেওঁ মন্তব্য কৰে যে অসম গণ পৰিষদে পঞ্চায়ত নিৰ্বাচনত তেওঁলোকৰ পৰাজয় আনিবাৰ্য বুলি জানিও কেৱল বিজেপিৰ ভোট ভাগিবৰ বাবেই প্ৰাৰ্থী দিছে । তেওঁলোকৰ এই ষড়যন্ত্ৰৰ কথা তৃণমূল পৰ্যায়ৰ লোকসকলে ইতিমধ্যে গম পাইছে ।
কিন্তু তেওঁলোকৰ প্ৰতি বিজেপি দলৰ কোনো বেয়া ভাব নাই ৷ আনকি আন মিত্ৰ দলৰ দৰে যেনেদৰে সন্মান আছে অসম গণ পৰিষদ দলৰ প্ৰতিও তেনে সন্মানেই আছে বুলিও পবিত্ৰ মাৰ্ঘেৰিটাই জনায় ।
আনহাতে, পঞ্চায়তৰ দুৰ্নীতি আৰু কংগ্ৰেছ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলিও তেওঁ কংগ্ৰেছক তীক্ষ্ণ বাক্যবাণ মাৰে । কংগ্ৰেছৰ দুৰ্নীতিপৰায়ণ লোকসকলক বাট দেখুৱাই লৈ যাবৰ বাবেই মহা দুৰ্নীতিপৰায়ণ হৰিশ ৰাৱাটক নিযুক্তি দিয়া বুলিও মুখপাত্ৰগৰাকীয়ে টিপ্পনি মাৰে ।
শনিবাৰে ওদালগুৰিত চলন্ত ৰে'লগাড়ীত সংঘটিত গ্ৰেনেড বিস্ফোৰণক এক দুৰ্ভাগ্যজনক ঘটনা আখ্যা দি ইয়াৰ বাবে অসমৰ আইন-শৃংখলাৰ অৱনতি হৈছে বুলি ক'ব নোৱাৰি বুলিও সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰে বিজেপিৰ মুখপাত্ৰ পৱিত্ৰ মাৰ্ঘেৰিটাই ।
- Log in to post comments
- 10 views