চেঙা জিলা পৰিষদ দখলৰ বাবে তৎপৰ বিজেপি

a

দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনক লৈ বৰপেটা জিলাৰ চেঙাত ৰাজনৈতিক বতাহ ক্ৰমে গৰম হৈ আহিছে । চেঙা জিলা পৰিষদ দখলৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে । শাসকীয় বিজেপি দলেও চেঙা পৰিষদীয় সমষ্টিটো দখলৰ বাবে চেষ্টা অব্যাহত ৰাখি কেইবা ঠাইতো দলীয় কাৰ্যালয় খুলি প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে ।

৬ নং চেঙা জিলা পৰিষদৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী বসন্ত ঠাকুৰীয়াৰ নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে তুঙ্গত উঠিছে । আজি চেঙা সমষ্টিৰ বহৰিত এক বিশাল পদযাত্ৰা উলিয়াই ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ সক্ষম হয় শাসকীয় দলটোৱে । অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাসে নেতৃত্ব দিয়া পদযাত্ৰাটোত প্ৰায় দুই সহস্ৰাধিক বিজেপি কৰ্মী আৰু সমৰ্থকে অংশগ্ৰহণ কৰি বসন্ত ঠাকুৰীয়া জিন্দাবাদ, বন্দে মাতৰম, ভাৰত মাতা কি জয় আদি শ্লোগানেৰে বহৰি বজাৰ তথা বহৰি অঞ্চল মুখৰিত কৰাৰ লগতে বিজেপি দলৰ প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ আহ্বান জনায় ।

বসন্ত ঠাকুৰীয়াৰ সমৰ্থনত বহৰিৰ এই পদযাত্ৰাই বিশেষ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে । লক্ষণীয় যে নিকা ব্যক্তিত্বৰ অধিকাৰী নিষ্ঠাবান সমাজকৰ্মী বসন্ত ঠাকুৰীয়াৰ প্ৰাৰ্থীত্বক লৈ সমষ্টিটোৰ ভোটাৰৰ মাজত যথেষ্ট উচাহ দেখা পৰিলক্ষিত হৈছে । ইফালে পদযাত্ৰাত অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাসে ৬ নম্বৰ চেঙা জিলা পৰিষদ সমষ্টিত দলটোৰ প্ৰাৰ্থী বসন্ত ঠাকুৰীয়াৰ লগতে দলৰ অন্যান্য প্ৰাৰ্থীসকলৰ বিজয় নিশ্চিত বুলি দাবী কৰে ।

Your Comments