চেঙাৰ মুছলমান পাৰা গাঁও পঞ্চায়তত অগপৰ প্ৰচাৰ তুংগত 

s

বুধবাৰে সন্ধিয়া চেঙা বেচিক বজাৰত অগপ দলৰ মুছলমান পাৰা গাঁও পঞ্চায়তৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে চেঙাৰ জামে মছজিদৰ ইমাম মাইনুল হকে । চেঙাৰ মুছলমান পাৰা গাঁও পঞ্চায়তৰ অগপ দলৰ সভাপতি পদৰ প্ৰাৰ্থী নজিম আলীৰ লগতে অগপ দলৰ প্ৰচাৰ চলাবলৈ নিৰ্বাচনী কাৰ্যালয় উদ্বোধনী সভাখনত উপস্থিত থাকে অগপৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস ।

প্ৰাক্তন সাংসদগৰাকীয়ে ভাষণ প্ৰসংগত প্ৰধান মন্ত্ৰীৰ মিথ্যাচাৰ উদঙাই দিয়াৰ লগতে মোডীক বুঢ়া আঙুলি দেখুৱাই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি অসমত হিন্দু বাংলাদেশীক সংস্থাপন কৰাবলৈ প্ৰত্যাহ্বান জনায়। বৰপেটা জিলাত অধিকাংশ আসন অগপ দলে লাভ কৰাৰ লগতে জিলা পৰিষদ অগপ দলে গঠন কৰিব বুলি উল্লেখ কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ।

আনহাতে অগপ দলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি আহিছে বুলি মন্তব্য কৰি বিজেপি দলৰ স'তে যিকোনো মুহূৰ্ততে মিত্ৰতা ভংগ হ'ব পাৰে বুলি কুমাৰ দীপক দাসে উল্লেখ কৰে । ইতিমধ্যে চেঙাৰ মুছলমান পাৰা গাঁও পঞ্চায়তত শ-শ কংগ্ৰেছীয়ে শুকুৰ আলী আহমেদৰ স্বেচ্চাচাৰিতা, একনায়কত্ববাদ আৰু প্ৰবঞ্চনাৰ বলি হৈ অগপ দলত যোগদান কৰি সভাপতি পদৰ প্ৰাৰ্থী নজিম আলীক সমৰ্থন জনাইছে ।

s

কাৰ্যালয় উদ্বোধনী সভাখনত বৰপেটা জিলা অগপৰ উপ-সভাপতি ৰবিউল হুছেইন আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অমিয় কুমাৰ তালুকদাৰে কংগ্ৰেছ আৰু বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি থকা-সৰকা কৰে । চেঙা সমষ্টিত কংগ্ৰেছৰ টিকট প্ৰদানৰ নামত স্থানীয় বিধায়ক শুকুৰ আলী আহমেদে তিনি কোটি টকাৰ লেনদেন কৰাৰ অভিযোগ উত্থাপন কৰে ৰবিউল হুছেইনে ।

আনহাতে চেঙা সমষ্টিত তিনিগৰাকী বিধায়ক থকা বুলিও উল্লেখ কৰে অমিয় কুমাৰ তালুকদাৰে । সভাখনত বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসেও উপস্থিত থাকি কংগ্ৰেছ আৰু বিজেপি দলক সমালোচনা কৰে । সভাখনত কেইবাহাজাৰ অগপৰ কৰ্মী-সমৰ্থক উপস্থিত থাকে । 

Your Comments