"অসম গণ পৰিষদ এতিয়া নীতি-আদৰ্শ নোহোৱা দলত পৰিণত হৈছে । অগপ হৈছে এটা বিবেকহীন আঞ্চলিক দল । সৰ্বাৰ ৰাজভোগ আৰু বেছিদিন নাই, সময় থাকোঁতেই লাহ-বিলাস কৰি লৈছে সৰ্বা-হিমন্তই ৷
সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ভোট কৌশলত ভৰি নিদিয়ে অসমৰ সাধাৰণ জনতাই । মুখ্য মন্ত্ৰীৰ কাৰ্যালয় আৰু বিধায়ক ভাস্কৰ শৰ্মাৰ নেতৃত্বত চলিছে ক'লা হীৰাৰ অবৈধ খনন ।
চৰকাৰৰ শূন্য সহনশীলতা কেৱল ভাষণৰ শ্লোগানহে । প্ৰকৃততে বিজেপি চৰকাৰেই ছিণ্ডিকেটৰাজ আৰু অবৈধ কয়লা খননত জড়িত ব্যক্তিক প্ৰশ্ৰয় দিছে ।" বুধবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি এই অভিযোগ উত্থাপিত কৰে কংগ্ৰেছৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে ।
আনহাতে, চাৰ্টাৰ ফ্লাইটযোগে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলোৱা কাৰ্যকো তীব্ৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছে ।
কেৱল ইমানেই নহয়, বিজেপি নেতৃত্বাধীন চৰকাৰৰ আৰু বেছিদিন নাই, সেয়ে সময় থাকোঁতেই মনৰ হেঁপাহ পূৰণ কৰি লৈছে সৰ্বানন্দ আৰু হিমন্তই বুলিও সংবাদমেলত বিজেপি চৰকাৰক কটাক্ষ কৰে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ।
- Log in to post comments
- 5 views