পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে দখল কৰিব ১০০ শতাংশ পঞ্চায়ত

পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে দখল কৰিব ১০০ শতাংশ পঞ্চায়ত

কংগ্ৰেছৰ পোষকতাত চলিছে এ আই ইউ ডিফ ৷ বিৰোধী দলসমূহে বিজেপি চৰকাৰখনক ৰাইজৰ কাঠগড়াত থিয় কৰাবলৈ চেষ্টা কৰি আছে । বুধবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত হেমাংগ ঠাকুৰীয়াই এখনি সংবাদমেলৰ আয়োজন কৰি এইদৰে মন্তব্য কৰে । 

সাংবাদমেলখনত হেমাংগ ঠাকুৰীয়াই মন্তব্য কৰে যে কংগ্ৰেছ চৰকাৰে বিগত সময়ছোৱাত পঞ্চায়তৰ জৰিয়তে সমতাৰ ৰাজ নহয় দুৰ্নীতিৰ ৰাজ চলাইছিল । লগতে পঞ্চায়তত অসম চৰকাৰে ধন আবণ্টন নকৰা বুলি বিৰোধী দলসমূহে কৰা অভিযোগক নস্যাৎ হেমাংগ ঠাকুৰীয়াৰ । 

পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে দখল কৰিব ১০০ শতাংশ পঞ্চায়ত

বদৰুদ্দিন আজমলে জনীয়া সমষ্টিত কংগ্ৰেছ এ আই ইউ ডি এফৰ শত্ৰু আৰু বিজেপি জাতীয় শত্ৰু বুলি যি মত পোষণ কৰিছিল তাৰ প্ৰতিক্ৰিয়াত হেমাংগ ঠাকুৰীয়াই কয় যে বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ গোপন মিতিৰালি আছে । 

সংবাদমেলখনত ঠাকুৰীয়াই পঞ্চায়ত নিৰ্বাচনত প্ৰায় ১০০ শতাংশ পঞ্চায়ত বিজেপিয়ে দখল কৰিব বুলি দৃঢ়তাৰে মত পোষণ কৰে ।

Your Comments