এইবাৰ পঞ্চায়ত নিৰ্বাচনত মহিলাক অগ্ৰাধিকাৰ দিছে বিজেপিয়ে । ৬২ শতাংশতকৈও অধিক মহিলা প্ৰাৰ্থীক বিজেপি দলৰ মনোনয়ন প্ৰদান কৰা হৈছে ।
শিশু আৰু মহিলা নিৰ্যাতনৰ বাবে পঞ্চায়তসমূহত মুকলি কৰিব হেল্পলাইন কেন্দ্ৰ ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ অপৰাজিতা ভূঞাই এখনি সংবাদমেলত এনেদৰে মন্তব্য কৰে ।
ইয়াৰোপৰি আঞ্চলিক পঞ্চায়তৰ সদস্য, গাঁও পঞ্চায়তৰ সভাপতি আৰু গাঁওসভাৰ সদস্যৰ বাবে প্ৰায় ৬০ শতাংশ মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে ।
সংবাদমেলখনত তেওঁ লগতে কয়- "কনকলতা মহিলা সবলীকৰণ" আঁচনিৰ জৰিয়তে প্ৰতিটো বিধানসভা সমষ্টিতে ১০০০টাকৈ মহিলা আত্মসহায়ক গোটক এবছৰত ২৫ হাজাৰ টকাকৈ অনুদান আগবঢ়োৱাৰ ফলত গোটৰ কেইবা লাখ মহিলাৰ আত্মসংস্থাপন হৈছে ।
যাৰফলত গ্ৰামাঞ্চলৰ কেইবা লাখ মহিলাৰ আৰ্থিক আত্মনিৰ্ভৰশীলতা অহাৰ লগে লগে ৰাজ্যখনৰ অৰ্থনীতিয়ে এটা নতুন পৰ্যায় লাভ কৰিবলৈ সক্ষম হৈছে ।
আনহাতে, গ্ৰামাঞ্চলত বিনামূলীয়া 'চেনিটেৰী নেপকিন' আৰু 'আইৰণ পিল'ৰ বিতৰণত পঞ্চায়তৰ ভূমিকা উল্লেখযোগ্য হ'ব বুলিও মুখপাত্ৰগৰাকীয়ে কয় ।
শিশু আৰু মহিলাসকলৰ ওপৰত হোৱা নিৰ্যাতনৰ তৎকালীন খবৰ দিয়াৰ বাবে প্ৰতিখন পঞ্চায়তত একোটাকৈ 'হেল্পলাইন' গঠন কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰাৰ কথাও সদৰী কৰে অপৰাজিতা ভূঞাই ।
- Log in to post comments
- 3 views