কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ নেতৃত্বত চলি আছে অখিল গগৈ ।
ৰুকিবুল হুছেইনৰ ক'লা টকাৰে চলিছে অসমৰ সংগঠন ।
আমছুক সমৰ্থন কৰাটো অসম গণ পৰিষদ দলৰ বাবে এক লজ্জাজনক বিষয় ।
শনিবাৰে মহানগৰীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত দাসে এখনি সংবাদমেলত এনেদৰে মন্তব্য কৰে ।
সাংবাদমেলখনত জয়ন্ত দাসে বুদ্ধিজীৱী হীৰেন গোহাঁইক সমালোচনা কৰি কয় যে হীৰেন গোহাঁয়ে অসম আন্দোলনৰ বিৰোধিতা কৰিছিল । হীৰেন গোহাঁয়ে সেই অসম আন্দোলনক পিকনিক পাৰ্টীৰ আখ্যা দিছিল বুলিও তেওঁ কয় ।
আৰু সেই হীৰেন গোহাঁইক গুৰু মানি অখিল গগৈয়ে এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে বুলিও জয়ন্ত দাসে মন্তব্য কৰে ।
বিজেপি চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ দ্বাৰা অসমত এখন জপনা দিয়াৰ চেষ্টা কৰিছে বুলিও মুখপাত্ৰগৰাকীয়ে জনায় ।
আনহাতে, অতুল বৰাক নিসিজা কচুৰ আখ্যা দি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কয় যে অসম গণ পৰিষদ দল ধ্বংস হোৱাৰ মূল নায়কজন হ'ল অতুল বৰা । মন্ত্ৰিত্ব লাভৰ বাবেই অতুল বৰাৰ এতিয়া জাগি উঠিছে জাতীয়তাবাদ ।
অখিল গগৈ মিছলীয়া । বিজেপিয়ে ১ কোটি ৯০ লাখ বাংলাদেশীক অসমলৈ আনিব বিচৰা নাই । আৰু এই বিজেপি চৰকাৰে অসমক হীৰেন গোহাঁইৰ ষড়যন্ত্ৰত, আমছুৰ ষড়যন্ত্ৰত অথবা আন আন সংগঠনৰ ষড়যন্ত্ৰত দ্বিতীয় কাশ্মীৰ লগতে দ্বিতীয় ত্ৰিপুৰা হ'ব নিদিওঁ বুলিও কয় ।
আনহাতে, সংবাদমেলখনত উপস্থিত থাকি ৰাজ্যিক মুখপাত্ৰ মমিনুল আৱালে কয় যে বিজেপি চৰকাৰখন অহাৰ পিছত ভূমি নীতি গ্ৰহণ কৰাৰ লগতে অসমৰ সত্ৰসমূহৰ পৰা বেদখল উচ্ছেদ কৰাৰ লগতে বহুতো কাম কৰিছে ।
অসম আন্দোলনবিৰোধী তথা অসমীয়া জাতিৰ ভাষা-কৃষ্টি-সংস্কৃতিক ধ্বংস কৰিব বিচৰা এটা বিশেষ সম্প্ৰদায়ে যেনেদৰে পৰিকল্পনা কৰিছে তাৰ মূলতে অখিল গগৈ আছে ।
আৰু সেয়েহে অখিল গগৈয়ে কাজিৰঙাত উচ্ছেদৰ সময়ত তেওঁলোকৰ পক্ষত থিয় দিছিল বুলিও মমিনুল আৱালে কয় ।
- Log in to post comments
- 56 views