পঞ্চায়ত নিৰ্বাচনত ভোট বিচৰাৰ নৈতিক অধিকাৰ নাই অগপৰ : অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

পঞ্চায়ত নিৰ্বাচনত ভোট বিচৰাৰ নৈতিক অধিকাৰ নাই অগপৰ : অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু কংগ্ৰেছ । বিজেপি-অগপক এসেকা দিবলৈ কংগ্ৰেছে আৰম্ভ কৰিছে ৰণকৌশল । বৃহস্পতিবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বিজেপি-অগপক তীব্ৰ সমালোচনা কৰে ।

''মিত্ৰতাৰ নামত এক নাটক ৰচনা কৰিছে বিজেপি-অগপই । এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে যদিও গোপন বুজাবুজিৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব দুই মিত্ৰ দল ।'' এই মন্তব্য অপূৰ্ব ভট্টাচাৰ্যৰ । 

লগতে অগপই পঞ্চায়ত নিৰ্বাচনত ভোট বিচৰাৰ নৈতিক অধিকাৰ নাই বুলিও কটাক্ষ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীৰ । কিয়নো অগপৰ দুটাকৈ শাসনকালত অনুষ্ঠিত কৰা নাছিল পঞ্চায়ত নিৰ্বাচন । 

ইফালে চৰকাৰৰ জনবিৰোধী, দৰিদ্ৰবিৰোধী আৰু জাতিবিৰোধী নীতিৰ বাবে কংগ্ৰেছক ৰাইজে আঁকোৱালি ল'ব বুলি মন্তব্য ভট্টাচাৰ্যৰ । 

আনহাতে, কংগ্ৰেছৰ ক'লাধনেৰে অসমৰ দল-সংগঠনে কাম-কাজ কৰি আছে বুলি বিজেপি নেতা জয়ন্তমল্ল বৰুৱাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰত কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে জয়ন্তমল্ল বৰুৱায়ে ক'লাধনৰ গৰাকী আছিল, সেয়ে জয়ন্তমল্লই এই কথা কৈছে বুলি কটাক্ষ কৰে ৷

Your Comments