পঞ্চায়ত নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ বিজেপিৰ : সংবাদমেল বৰ্জন সাংবাদিকৰ

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ বিজেপিৰ : সংবাদমেল বৰ্জন সাংবাদিকৰ

মঙলবাৰে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ জিলা পৰিষদ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবৰ বাবে এখনি সংবাদমেলৰ আয়োজন কৰিছিল ৰাজ্যিক বিজেপিয়ে । 

কিন্তু নিৰ্ধাৰিত সময়ৰ বহু পিছতো দলৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া সংবাদমেলত উপস্থিত নোহোৱাৰ বাবে সাংবাদিকসকলে তেওঁৰ সংবাদমেলখন বৰ্জন কৰে । 

পিছত দুঘণ্টা পলমকৈ আহি ১৯৬ জিলা পৰিষদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে দলৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়াই । 

তেওঁ কয় যে জিকিব পৰা ব্যক্তিকহে দিয়া হৈছে প্ৰাৰ্থিত্ব । মহিলা প্ৰাৰ্থীক বিশেষ গুৰুত্ব দিছে বিজেপিয়ে ।

প্ৰায় ৬২ শতাংশ মহিলাক দিয়া হৈছে প্ৰাৰ্থিত্ব । এইবাৰ সৰ্বমুঠ বিজেপিৰ মহিলা প্ৰাৰ্থী ১০২গৰাকী । 

অগপৰ সৈতে মিত্ৰতা প্ৰসংগত তেওঁ জনায় যে জিলা পৰিষদ পৰ্যায়ত অগপৰ সৈতে মিত্ৰতা নহয় । 

লগতে আঞ্চলিক সদস্য, সভাপতি, গাঁও সদস্যৰ ক্ষেত্ৰত মিত্ৰতা জিলা পৰ্যায়ত নিৰ্ভৰ কৰিব বুলিও তেওঁ কয় । 

আজি ২৫১ জিলা পৰিষদৰ ১৯৬টা পৰিষদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হয় আৰু বাকী পৰিষদৰ প্ৰাৰ্থীৰ নাম কাইলৈ ঘোষণা কৰিব ।

Your Comments