থাওৰা সমষ্টিত উপ-নির্বাচনৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰ : সংবাদমেলত আনুষ্ঠানিক ঘোষণা

A

নিউজ ডেস্ক:

উপ-নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে ৰাইজৰ দলে।১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা।ডিমৌত সংবাদমেল যোগে নাম ঘোষণা কৰে দলটোৰ সভাপতি অখিল গগৈয়ে।সমষ্টিটোত ৰাইজৰ দলৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হ'ব সদ্য পদত্যাগী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ।

উল্লেখ্য যে বিগত পাঁচ বছৰ কৃষক মুক্তি সম্পাদকৰ দায়িত্বত আছিল কোঁৱৰ।নাগৰিকত্ব সংশোধনী আইন-২০১৯ বিৰোধী আন্দোলন কৰি মাওবাদীৰ অভিযোগত ৰাষ্ট্ৰীয় তদন্তকাৰী সন্থাৰ হাতত কাৰবন্দী হৈছিল।

ইফালে সমষ্টিটোৰ বিজেপিৰ সম্ভাব্য প্ৰাৰ্থী সুশান্ত বৰগোঁহাইক বিশ্বাস ঘাটক আখ্যা ৰাইজৰ দলৰ।২০২১ বিধানসভা নির্বাচনত কা বিৰোধী শক্তিসমূহৰ উমৈহতীয়া প্ৰচেষ্টাত বিজেপিৰ বিৰুদ্ধে জয়ী হৈছিল।সমষ্টিটোত বৰগোঁহাই জয়ী হৈ অহাৰ স্বাৰ্থত ৰাইজৰ দলে প্ৰাৰ্থী দিয়া নাছিল।কিন্তু নির্বাচনত জয়ী হৈ তিনিমাহৰ পাছতে সমষ্টিবাসীক বিশ্বাসঘাটক-প্ৰৱঞ্চনাৰে বিজেপিৰ দলত যোগদান কৰে-অখিলে কয়।

সংবাদমেলখনত উপস্থিত থাকে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’-ডি শইকীয়া, হুছেইন মহম্মদ চাহজাহান।

Your Comments