গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ভূপেন্দ্ৰ পেটেলে

A

 

নিউজ ডেস্ক:
গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত আজি  গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ভূপেন্দ্ৰ পেটেলে ৷ গান্ধীনগৰৰ ৰাজভৱনত হোৱা শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে শপত বাক্য পাঠ কৰোৱাই ভূপেন্দ্ৰ পেটেলক৷ উল্লেখযোগ্য যে   গুজৰাটৰ ১৭সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে পেটেলে ।     গুৰুত্বপূৰ্ণ কথা এই যে মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পছন্দৰ প্ৰাৰ্থী আছিল  ভূপেন্দ্ৰ পেটেল৷ আনহাতে , অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতৰ  ফেচবুক পেজৰ জৰিয়তে নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীক অভিনন্দন জনাই এইদৰে কয় যে “ মোৰ বিশ্বাস আছে আপুনি মোডীজীৰ মাগদৰ্শনেৰে জনতাৰ আকাংক্ষা পূৰণ কৰিব আৰু দেশৰ বিকাশ যাত্ৰা বহু উচ্চ শিখৰলৈ লৈ যাব ৷”

Your Comments