মোডীৰ গৃহৰাজ্যত মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ পদত্যাগ

A

নিউজ ডেস্ক:

গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ পদত্যাগ।ৰাজ্যপালৰ হাতত তেওঁ দাখিল কৰে পদত্যাগ পত্ৰ।

উল্লেখ্য যে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহৰাজ্য গুজৰাটৰ মুখ্যমন্ত্ৰীৰ হঠাৎ পদত্যাগে দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে।মোডীৰ গৃহৰাজ্যৰ পৰাই ভাৰতীয় জনতা পাৰ্টি ধ্বংসৰ ইংগিত নেকি বুলিও একাংশই প্ৰশ্ন কৰিছে। 

তাৎপৰ্যপূৰ্ণ কথা এই যে গুজৰাট বিধানসভা নিৰ্বাচনলৈ মাজত মাথো আঠটা মাহ বাকী থকা অৱস্থাত আজি আশ্চৰ্য্যজনকভাৱে ৰাজ্যপালৰ হাতত নিজ পদত্যাগ পত্ৰ দাখিল কৰে মুখ্যমন্ত্ৰী ৰূপানীয়ে।

আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি- একাংশ বিজেপি কর্মী ৰূপানীৰ শাসনক  লৈ সন্তুষ্ট নাছিল।যাৰ বাবে তেওঁ পদত্যাগ কৰিছে।

আনহাতে পদত্যাগ পত্ৰ প্ৰদান কৰি তেওঁ কয়-গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাম কৰাৰ সুযোগ দিয়াৰ বাবে  বিজেপিক ধন্যবাদ জনাব বিচাৰো। মোৰ কাৰ্যকালত মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজ্যখনৰ উন্নয়নৰ বাবে কাম কৰাৰ সুযোগ পাইছিলো। কিন্তু গুজৰাট বিধানসভা নিৰ্বাচনলৈ মাত্ৰ ৮ মাহ বাকী থকাৰ অৱস্থাত মুখ্য মন্ত্ৰী গৰাকীৰ পদত্যাগে গুজৰাট কিম্বা দেশৰ ৰাজনীতিত কি প্ৰভাৱ পেলাব আগন্তুক দিনত সেয়াহে হ’ব লক্ষ্যনীয়।

Your Comments