অখিল গগৈৰ দোষমুক্তত আনন্দ শিৱসাগৰত: ন্যায় ব্যৱস্থাৰ জয়- গণতন্ত্ৰৰ প্ৰতিষ্ঠা হল- শৃংখল চলিহা

A

নিউজ ডেস্ক :
বিধায়ক অখিল গগৈৰ ৰাষ্ট্রীয় তদন্তকাৰী সন্থা, চমুকৈ নিয়া' গোচৰত দোষমুক্ত হোৱাৰ পাছতে শিৱসাগৰত আনন্দ।ফটকা- আটছবাজি ফুটাই গগৈক স্বাগতম জনাইছে সমষ্টিৰ জনতাই। 

ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কয়- 'পোহৰক কেতিয়াও ঢাকি ৰাখিব নোৱাৰে।ন্যায় ব্যৱস্থাৰ জয় হল।গণতন্ত্ৰৰ প্ৰতিষ্ঠা হল।ভুৱা গোচৰত ডেৰ বছৰ এজন মানুহক জেলত ভৰাই ৰাখিছিল।শিৱসাগৰ সমষ্টিবাসী মৰিশালিৰ নিস্তব্ধতা মাজত দুখত আছিল।আজি ন্যায় পালে'৷

ন্যায় বিস্ফোৰণ হৈ বিজেপি  চৰকাৰৰ প্ৰতিটো ষড়যন্ত্ৰ উফৰি গল বুলি উল্লেখ কৰি চলিহাই গগৈৰ মুক্তি সন্দৰ্ভত আৰু কয়- 'মৰিয়নি সমষ্টিত প্ৰত্যাহ্বানলৈ ৰূপজ্যোতি কুৰ্মী আৰু বিজেপিৰ দল সাজু থাকক'।

ইফালে ক'ৰনা বিধি পালন কৰি বিধায়ক গগৈক আদৰণি জনাব বুলি চলিহাই কয়।'সমষ্টিবাসীয়ে অখিল দাক পাবলৈ ব্যাকুল হৈ আছে।শুকুৰবাৰে শিৱসাগৰত উষ্ম আদৰণি জনোৱা হব।যি অসমৰ ইতিহাসৰ সুন্দৰ আদৰণি হব'।

Your Comments