ন্যায়পালিকাৰ স্বতন্ত্ৰতা সাব্যস্ত হ’ল , গণতন্ত্ৰৰ বাবে শুভ বাৰ্তা -গিতাশ্ৰী তামুলী

A

নিউজ ডেস্ক:
কাৰাবন্দী বিধায়ক স্বামী অখিল গগৈৰ নিয়া গোচৰত দোষমুক্ত ঘোষণাৰ পাছতে পত্নী গিতাশ্ৰী তামুলীৰ মন্তব্য ।সামাজিক মাধ্যমত  মত প্ৰকাশ কৰি কয় যে - 'ন্যায়পালিকাৰ স্বতন্ত্ৰতা সাব্যস্ত হল।গণতন্ত্ৰৰ বাবে শুভ বাৰ্তা।অভিনন্দন গণতন্ত্ৰ'।

উল্লেখ্য যে বিগত ডেৰ বছৰৰো অধিক কাল কাৰাবন্দী হৈ আছিল গগৈ।মুঠ ১৩টাকৈ গোচৰত বন্দী গগৈয়ে অন্তিমটো নিয়া' চান্দমাৰি গোচৰত বৃহস্পতিবাৰে দোষমুক্ত হয়।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী নেতাজন আজি মুকলি আকাশৰ তললৈ ওলাব।এই কথা ইতিমধ্যে প্ৰকাশ কৰিছে অধিবক্তা কৃষ্ণ গগৈয়ে।

চার্জ হিয়েৰিংৰ শুনানি ৰায় প্ৰদান কৰা পূৰ্বে আদালতত হাজিৰ কৰা হয় গগৈক।

ইফালে গগৈৰ দোষমুক্ত ঘোষণাৰ পাছতে দলীয় সমৰ্থক, অসমবাসী  ৰাইজে ন্যায়ালয়ৰ স্বতন্ত্ৰতাক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছে।

Your Comments