NIAৰ মুখথেকেচা : চানমাৰি গোচৰত দোষমুক্ত অখিল গগৈসহ অন্য তিনি সতীৰ্থ

A

নিউজ ডেস্ক :
কাৰাবন্দী বিধায়ক অখিল গগৈৰ বাবে ভাল খবৰ।মুকলি আকাশৰ তললৈ ওলোৱা পথ প্ৰশস্ত।নিয়াৰ চান্দমাৰি থানা ১৩/১৯ গোচৰত দোষমুক্ত অখিল গগৈ।চানমাৰি নিয়া আদালতে বৃহস্পতিবাৰে প্ৰদান কৰিছে এই ৰায়।গগৈৰ লগতে অন্য তিনি অভিযুক্ত ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল, মানস কোঁৱৰকো গোচৰটোৰ পৰা মুক্ত কৰিছে আদালতে।

উল্লেখ্য যে  নিয়া অভিযোগনামাৰ ভিত্তিত চার্জ হিয়েৰিং শুনানিৰ অন্তত এই ৰায় প্ৰদান কৰিছে আদালতে।এই কথা সংবাদ মাধ্যমক অৱগত কৰিলে অধিবক্তা কৃষ্ণ গগৈয়ে।

গুৰুত্বপূৰ্ণ কথা  যে নিয়া গোচৰটোত কোনো এজন অভিযুক্তৰ বিৰুদ্ধে চার্জ ফ্ৰেম হোৱা নাই।তদন্তকাৰী সন্থা নিয়াই অনা তথ্য-প্ৰমাণ গ্ৰহণযোগ্য নহয় বুলি আদালতে ৰায় প্ৰদান কৰে।

অধিবক্তা গগৈয়ে উল্লেখ কৰা মতে- নিয়া ৰ অভিযোগনামাত অখিল গগৈৰ বিৰুদ্ধে নাছিল মাওবাদীৰ কোনো তথ্য-প্ৰমাণ।আইপিচি-ইউএপি সকলো ধাৰাৰ পৰা মুক্ত হৈছে গগৈ।

ন্যায়ালয়ে ৰায় অনুসৰি আজিয়ে মুকলি আকাশৰ তললৈ ওলাব কাৰাবন্দী অখিল গগৈ।

উল্লেখ্য যে  ২০১৯ চনত কা' আন্দোলন কৰি থকা সময়ত অখিল গগৈক গ্ৰেপ্তাৰ কৰা হৈছিল।তেওঁৰ বিৰুদ্ধে মুঠ ১৩টা গোচৰ চৰকাৰে ৰুজু কৰি দুটা গোচৰ নিয়ালৈ হস্তান্তৰ কৰিছিল।

ইফালে নিয়া পক্ষৰ পৰা বুধবাৰে আৰু সময় বিচাৰিছিল কিন্তু ন্যায়ালয়ে অতিৰিক্ত সময় প্ৰদান নকৰিলে।

Your Comments