অখিল গগৈৰ লগত বিজেপিৰ শত্ৰুতা নাই, আইনৰ মেৰপাকত তেওঁ বন্দী হৈ আছে- ৰূপজ্যোতি কুর্মী

HBS-Rupjyoti

জন্মসূত্ৰে লাভ কৰা কংগ্ৰেছৰ সৈতে সম্পৰ্ক ছেদ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সোমবাৰে আনুষ্ঠানিক ভাৱে বিজেপিৰ পোছাক পিন্ধিলে ৰূপজ্যোতি কুৰ্মীয়ে। কংগ্ৰেছৰ ৪ বাৰৰ মৰিয়নিৰ বিধায়ক কুৰ্মীয়ে বিজেপি দলত যোগদান কৰি কয়-“ বহু আগতেই বিজেপিত যোগদান কৰিব লাগিছিল, পলম হোৱা যেন অনুভৱ কৰিছো।পূৰ্বতে বিজেপিক কৰা সমালোচনাসমূহ কেৱল নামত আছিল। ১৪ চনলৈকে কংগ্ৰেছ দল ভাল আছিল"।

যোগদান কৰিয়েই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে উপচায় পেলায় কুৰ্মীয়ে কয়-“তেওঁৰ কামত আকৃষ্ট হৈছো।বিজেপিত যোগদান কৰিবলৈ পাই আনন্দিত।সভ্যতা ৰক্ষাৰ যুঁজত কিঞ্চিত বৰঙণি আগবঢ়াব পাৰিম ।”

'কংগ্ৰেছ নেতৃত্বৰ লক্ষ্য আৰু ভৱিষ্যতৰ কোনো পৰিকল্পনা নাই।এআইইউদিএফৰ সৈতে মিত্ৰতা কৰি মিঞা মুছলমানক গুৰুত্ব দিলে। খিলঞ্জীয়া মুছলমানক গুৰুত্ব দিয়া নাই।দুই-এজন খিলঞ্জীয়া কংগ্ৰেছ দলত আছে।বটদ্ৰৱাত কংগ্ৰেছৰ বিধায়িকা শিৱানী বৰা মিঞা ভোট লৈ জয়ী হৈছে।নাওবৈছাত ভৰত নৰহ মিঞা মুছলমানৰ ভোট লৈ জয়ী হ’ল।খিলঞ্জীয়া লোকেৰে ভৰপূৰ বিজেপি দল'- কুর্মীয়ে কয়।

'চতুৰ্থবাৰৰ বাবে কংগ্ৰেছৰ বিধায়কৰূপে উপয়ুক্ত সন্মান পোৱাৰ আকাংক্ষা আছিল নিদিলে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি, বিৰোধী দলপতি নিদিলে ৷ কিন্তু মৰমত মাত এষাৰ দিব পাৰে, সেয়াও নোপোৱা হ’লো।দলত থাকি কি হ’ব ভৱিষ্যত।বৰ্তমানৰ গতিত আকাশত চাং পাতি, বাওঁনা হৈ চন্দ্ৰলৈ হাত মেলিলেও ২০-২৫ বছৰলৈকে অসমত কংগ্ৰেছৰ চৰকাৰ  নাহে।পদবীৰ লোভ-মোহ নাই, সমষ্টি বাসীৰ সেৱা কৰাৰ সুবিধা বিচাৰিছো মুখ্যমন্ত্ৰীৰ পৰা' কুৰ্মীয়ে এইদৰে কয়।

ইফালে কংগ্ৰেছ দলত থকাৰ সময়ত কাৰাবন্দী অখিল গগৈৰ মুক্তিৰ দাবী জনাই বিজেপিক সমালোচনা কৰা কুর্মীয়ে গেৰুৱাবসন পৰিধান কৰি কয় “আইনৰ মেৰপাকত অখিল গগৈ কাৰাবন্দী হৈ আছে।তেওঁক দিব লগা সুবিধা জিএমচিএইচত  মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছে।তেওঁৰ লগত বিজেপিৰ কোনো শত্ৰুতা নাই ।”

Your Comments