নতুন ডিজিটেল নির্দেশনা সন্দৰ্ভত কঠোৰ অৱস্থান কেন্দ্রৰ। অ’টিটি আৰু ডিজিটেল মিডিয়া প্লেটফর্মসমূহে (OTT and Digital Media) এই বিষয়ে মতামত জনাবলৈ আৰু ১৫ দিন সময় দিলে কেন্দ্রই। তাৰপিছত ৰেহাই দিয়া নহ’ব বুলিও জাননী পঠিয়াই জনোৱা হৈছে। কেন্দ্রৰ তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ে জাননীখনত জনাইছে, ইতিমধ্যে ৬০টা ডিজিটেল মিডিয়া পাব্লিচার্ছে নতুন আইনক সমর্থন জনাই সেয়া আৰম্ভ কৰিবলৈ আগবাঢ়িছে।
ছছিয়েল মিডিয়া, ৱেবছাইট, মোবাইল এপ্ সহ সকলো ডিজিটেল প্লেটফর্মসমূহত আপত্তিকৰ কন্টেন্টৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ কথা পূৰ্বেই জনাইছে কেন্দ্রই। ইয়াৰোপৰি উক্ত সকলো ক্ষেত্রতে অভিযোগ জনোৱাৰ ব্যৱস্থা ৰাখিবলৈ জোৰ দিছে কেন্দ্রই। ডিজিটেল মিডিয়াসমূহত গ্রাহকসকলৰ অভিযোগ সমূহ চোৱা আৰু সেই সম্পর্কে যথাযথ ব্যৱস্থা ল’বলৈ জোৰ কেন্দ্রৰ। সেয়ে সম্পূর্ণ মাষ্টাৰপ্লেন জাননী জাৰিৰ ১৫ দিনৰ ভিতৰত দিয়াৰ বাবে নির্দেশ কেন্দ্রৰ।
উল্লেখ্য, কেন্দ্রৰ নতুন ডিজিটেল মিডিয়া আইন সন্দৰ্ভত টনাটনি অব্যাহত। গুগল, ইউটিউবে মানিলেও বহুকেইটা সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ বিচাৰিছে ফেচবুকে। নতুন নিয়মত ব্যক্তি গোপনীয়তা লঙ্ঘন হ’ব বুলি কেন্দ্রৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে হোৱাটছ্এপ্। ভাৰতৰ নতুন ডিজিটেল বিধিত সম্মত হোৱাৰ ইঙ্গিত দিও 'ফ্রিডম অফ্ এক্সপ্রেছন' সন্দৰ্ভত প্রশ্ন তুলিছিল টুইটাৰ কর্তৃপক্ষই। কেন্দ্রয়ো ইয়াৰ কঠোৰ নিন্দা কৰিছে। ১৫ দিনৰ পিছত স্বাধীন ভাৰতীয় গণতন্ত্ৰৰ নাগৰিকে নোৱাৰিব আৰু চৰকাৰৰ ওপৰত প্ৰশ্ন তুলিব বা চৰকাৰৰ বিপক্ষে সমালোচনা কৰিব ৷
- Log in to post comments
- 42 views