মৰণোত্তৰ প্ৰতিবেদন দিয়াৰ নামত ধন লৈ গ্ৰেপ্তাৰ হ'ল জিএমচিএইচৰ চিকিৎসক মনোজ বৈশ্য

Pic

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত ৰোগীৰ মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দিয়াৰ নামত ৰোগীৰ আত্মীয়ৰ পৰা টকা লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হ'ল ঘোচখোৰ চিকিৎসক মনোজ বৈশ্য।মঙলবাৰে জিএমচিএইচৰ পৰা হৰেন কুমাৰ নামৰ এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই ধন লোৱা অৱস্থাতে হাতে-লোটে প্ৰথমে আটক আৰু পিছত গ্ৰেপ্তাৰ কৰে চিকিৎসক বৈশ্যক।

ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ১৯ অক্টোবৰত জিএমচিএইছত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল ৰামেশ্বৰ প্ৰসাদ শ্বাহ নামৰ এজন ব্যক্তি। ব্যক্তিগৰাকীৰ আত্মীয়ই জানিবলৈ দিয়া অনুসৰি প্ৰথম স্নানাগাৰত পৰি আহত হৈছিল শ্বাহ।তাৰ পিছতে তেওঁক ভৰ্তি কৰোৱা হৈছিল জিএমচিএইচত।তাতে চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হৈছিল।

আনহাতে,মৃত্যুৰ পিছতে পৰিয়ালৰ লোকে মৃত শ্বাহৰ  মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন বিচাৰিছিল চিকিৎসক বৈশ্যক।কিন্তু ঘোচখোৰ চিকিৎসকজনে শ্বাহৰ পৰিয়ালক মৰণোত্তৰ প্ৰতিবেদন দিয়াৰ নামত বিচাৰিছিল ধন।যি ধন দিয়া নাছিল শ্বাহৰ পৰিয়ালে চিকিৎসক বৈশ্যক।ইফালে বিচৰা ধন নোপোৱাৰ বাবে চিকিৎসক বৈশ্যই কোনো দিনে মাছ-মাংস নোখোৱা মৃত শ্বাহৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত অত্যধিক সুৰা আৰু মাংসৰ উপস্থিতি পোৱা বুলি উল্লেখ কৰে।মৰণোত্তৰ প্ৰতিবেদন দেখি লগে লগে পৰিয়ালৰ লোকে সাক্ষাৎ কৰে চিকিৎসক বৈশ্যক।লগতে কয় কোনো দিনে মদ নোখোৱা ব্যক্তিজনৰ দেহত কেনেকৈ পাইছে মদ আৰু মাংসৰ উপস্থিতি।পৰিয়ালৰ সেই অভিযোগৰ পিছতে চিকিৎসকগৰাকীয়ে কয় যে তেওঁ উক্ত প্ৰতিবেদন সলনি কৰি দিব।কিন্তু,তাৰ বাবে পৰিয়ালটোৱে তেওঁক ৫০হাজাৰ টকা দিব লাগিব।চিকিৎসকগৰাকীৰ সেই কথাত মৃত শ্বাহৰ ভাতৃ হৰেন শ্বাহে সেইদিনায়ে ৪ হাজাৰ টকা দিয়ে আৰু বাকী কিছু টকা আজি দিয়া কথা আছিল।ইফালে হৰেন শ্বাহে ঘোচখোৰ চিকিৎসকগৰাকীয়ে টকা লোৱাৰ কথা অৱগত কৰে দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত।দুৰ্নীতি নিবাৰক শাখাই পূৰ্বৰ পৰিকল্পনা অনুসৰি হৰেন শ্বাহৰ পৰা মঙলবাৰে ৮ হাজাৰ টকা লওঁতে দুৰ্নীতি নিবাৰক শাখাই চিকিৎসালয়ৰ পৰাই গ্ৰেপ্তাৰ কৰে  চিকিৎসক মনোজ বৈশ্যক।

ইফালে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিয়ে বৰ্তমান জেৰা অব্যাহত ৰাখিছে ডাঃ বৈশ্যক।আনহাতে এই ঘটনাৰ সৈতে আৰু কোন কোন জড়িত আছে,বৈশ্যৰ জেৰাতে পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে।

Your Comments