নলবাৰীৰ বৰখলাত সমূহীয়া উপনয়নত সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামী আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

 A

নিউজ ডেস্ক:

 নলবাৰী জিলাৰ বৰখলাত অনুষ্ঠিত সমূহীয়া উপনয়নৰ লগত সংগতি ৰাখি আয়োজন কৰা উপনয়ন সংস্কাৰ আৰু ইয়াৰ বৈজ্ঞানিক বিশ্লেষণ শীৰ্ষক আলোচনা চক্ৰত আজি মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামী আৰু নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰে।অনুষ্ঠানটিত আলোচক হিচাবে উপস্থিত থাকে মাজুলী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড°পীতাম্বৰ দেৱ গোস্বামীয়ে  কয় যে “যি নৱগুন ব্ৰাহ্মণে ধাৰণ কৰে তাৰ গুৰু হ’ল ব্ৰহ্মা৷ব্ৰহ্মা হ’ল সৃষ্টি কৰ্তা৷উপযুক্ত দিনত ব্ৰাহ্মণক নবগুন ধাৰণ কৰোৱা হয়৷নৱগুনৰ যোগেদি অকল ব্ৰাহ্মণে নহয় সমাজৰ সকলো লোককে সংস্কাৰিত কৰে৷আমি মানব মাত্ৰকে যদি বিষ্ণুৰূপে জ্ঞান কৰো তেতিয়া সমাজত আপায় অমংগল নহয়৷আমি যদি ধৈৰ্য্যশীল হও তেতিয়া বিষ্ণু ৰূপে প্ৰতিষ্ঠা লাভ কৰো৷মানুহ দুৱৰি বনৰ দৰে বিনয়ী স্বভাব গ্ৰহণ কৰিব পাৰিব লাগে৷আমি গছৰ দৰে সহনশীল হ’ব লাগে৷তেতিয়া প্ৰকৃত বৈষ্ণৱ হ’ব পাৰো৷অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰন্টৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি শতীশ চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত নলবাৰী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা অন্য এজন আলোচক হিচাবে উপস্থিত থাকি কয় যে মই আজিৰ নিচিনা অতিকৈ শুভ কৰ্মৰ সমভাগী হবলৈ পায় মই অতিপাত সুখী৷উপনয়নে এজন ব্যক্তিক সুশৃংখলিত কৰে৷আমি এনেকুৱা সভ্যতাক লৈ আমি গৌৰৱ কৰিব লাগে৷তেওঁ কয় যে ভাৰতীয় সংস্কৃতিয়ে জ্ঞানৰ টোপোলা লৈ বিশ্ব জয় কৰিছিল৷আমাৰ সভ্যতা আমাৰ সংস্কৃতি বিজ্ঞান ভিত্তিক৷অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰন্টৰ অসম ৰাজ্যিক সমিতিৰ প্ৰধান সম্পাদক পবিত্ৰ কুমাৰ শৰ্মাই আতধৰা আৰু অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰন্টৰ উত্তৰপূৱ ভাৰতৰ মুখ্য সমন্বয়ক শচীন্দ্ৰ শৰ্মা,নলবাৰী জিলা সমিতিৰ প্ৰচাৰ সম্পাদক কৃতাৰ্থ প্ৰতীম শৰ্মা.সদস্য খগেন ভট্টাচাৰ্য,বৰখালা আঞ্চলিক সমিতিৰ কাৰ্য্যকৰী সভাপতি অনিল শৰ্মাই সহযোগ কৰা সভাত জি এম ডিৰ অধ্যক্ষ নাৰায়ণ ডেকা,অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰন্টৰ অসম ৰাজ্যিক সমিতিৰ পদ্মনাথ শৰ্মা,ড°বিমল কৃষ্ণ ভট্টাচাৰ্য,শৈলেন্দ্ৰ গোস্বামী,বৰখালা আঞ্চলিক সমিতিৰ সভাপতি,ডা° অৰুণ শৰ্মা.নলবাৰী জিলা সমিতিৰ সভাপতি ৰঞ্জিত মিশ্ৰ অৱসৰি শিক্ষক হৰিদেৱ ভট্টাচাৰ্য,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,মণ্ডল বিজেপিৰ অ'বিচি মৰ্চাৰ উপসভাপতি দ্বীজেন দাস আদি কৰি কেইবাজনো বিশিষ্ট লোকে অংশগ্ৰহণ কৰে৷

উল্লেখ্য যে নলবাৰী জিলাৰ বৰখালাত আজি অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰন্টৰ অসম ৰাজ্যিক সমিতিৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত বৰখালা আঞ্চলিক সমিতিৰ সহযোগত শ্ৰীশ্ৰী লক্ষ্মীনাৰায়ণ যজ্ঞ মন্দিৰ প্ৰাংগনত  সমূহীয়া উপনয়ন অনুষ্ঠিত কৰে৷নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আতিথ্যত আয়োজন কৰা উক্ত আধ্যাত্মিক অনুষ্ঠানত ২৯জন ব্ৰাহ্মণ যুৱকক উপনয়ন প্ৰদান কৰে৷৷উক্ত উপনয়ন অনুষ্ঠানত নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অজস্ৰ লোকে অংশগ্ৰহণ কৰে৷

Your Comments